নিয়মীয়া বাৰ্তা ১০ এপ্ৰিলঃ ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত দেশজুৰি ঘোষণা কৰা লকডাউনৰ সময়ছোৱাত অত্যাৱশ্যকীয় সেৱাত জড়িত কিছুসংখ্যত বাহনক ৰাজপথত চলাচলৰ অনুমতি দিয়া হৈছিল। কিন্তু অনুমতি থকা বাহনসমূহৰ চলাচলো সীমিত কৰাৰ সিদ্ধান্ত লৈছে অসম আৰক্ষীয়ে। আৰক্ষীয়ে জাৰি কৰা নতুন নিয়ম অনুসৰি গুৱাহাটী মহানগৰীত আজিৰে পৰা
অনুমতি পত্ৰ থকা বাহনসমূহো যুগ্ম- অযুগ্ম নিয়মৰ ভিত্তিত চলাচল কৰিব পাৰিব। যি সমূহ বাহনৰ পঞ্জীয়ন নম্বৰৰ শেষ সংখ্যাটো যুগ্ম সংখ্যা, সেই সমূহে বাহনহে আজি গুৱাহাটীৰ ৰাজপথত চলাচল কৰিব পাৰিব। সেইদৰে শনিবাৰে অযুগ্ম আৰু দেওবাৰে যুগ্ম সংখ্যাৰে শেষ হোৱা পঞ্জীয়ন নম্বৰৰ বাহনসমূহো চলাচলৰ অনুমতি দিয়া হব। এই আদেশৰ পৰা এম্বুলেঞ্চ, চিকিৎসক, স্বাস্থ্যকৰ্মী, সংবাদ মাধ্যম, কৰ্তব্যৰত চৰকাৰী বিষয়া, পানী কঢ়িওৱা বাহন সমূহ আৰু ফুল ব’ৰ্ডীৰ মালবাহী ট্ৰাকসমূহ ৰেহাই দিয়া হব বুলি আৰক্ষীয়ে জানিবলৈ দিছে।