আজিৰে পৰা যুগ্ম-অযুগ্ম নম্বৰৰ বাহন চলাচলৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ
নিয়মীয়া বাৰ্তা ১৩ এপ্ৰিলঃ ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে ঘোষণা কৰা লকডাউনৰ সময়ছোৱাত মহানগৰীৰ ৰাজপথত অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত বাহনসমূহৰ ক্ষেত্ৰত আৰক্ষী প্ৰশাসনে জাৰি কৰা যুগ্ম-অযুগ্ম সংখ্যাৰ নম্বৰৰ বাহন চলাচলৰ নিষেধাজ্ঞা আজিৰে পৰা প্ৰত্যাহাৰ কৰা হৈছে। এতিয়াৰে পৰা মহানগৰীত সম্পূৰ্ণ লকডাউনৰ নীতি অনুসৰি অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত অনুমতিপ্ৰাপ্ত বাহন চলাচলত কোনো বাধ্যবাধকতা নাথাকে। অসম আৰক্ষীৰ এক শীৰ্ষ সূত্ৰই এই কথা জানিবলৈ দিছে।