নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ পৰা উপলব্ধ ফিছফেডৰ মাছ

ৰূপনগৰ-উজানবজাৰ-পাণ্ডু ভেটাপাৰাত ক্ৰয় কৰিব গ্ৰাহকে

নিয়মীয়া বাৰ্তা ১০এপ্ৰিলঃ লকডাউনৰ বাবে গুৱাহাটী মহানগৰীত মাছ-মাংসৰ বিক্ৰী সম্পূৰ্ণৰূপে বন্ধ হৈ আছিল। ৰাজ্য চৰকাৰৰ নিৰ্দেশমৰ্মে কামৰূপ মহানগৰ জিলা প্ৰশাসনে গুৱাহাটী মহানগৰীৰ কেইবাটাও স্থানৰ লগতে হোম ডেলিভাৰীৰ জৰিয়তে আজিৰে পৰা ফিছফেডৰ সহযোগত মাছ বিক্ৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। আজিৰে পৰা ৰূপনগৰৰ ফিছফেডৰ আউটলেটত গ্ৰাহকে মাছ ক্ৰয় কৰিব পাৰিব। মীন বিভাগ আৰু ফিছফেডে প্ৰতিদিনে ৫ খনকৈ বাহনেৰে মহানগৰীৰ বিভিন্ন স্থানত মাছ বিক্ৰী কৰিব। ইয়াৰ উপৰি উজানবজাৰ, পাণ্ডু আৰু ভেটাপাৰাত ফিছফেডে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া দৰত মাছ বিক্ৰী কৰিব। মহানগৰবাসীক অনুজ্ঞাপত্ৰ থকা ব্যৱসায়ীয়ে ঘৰে ঘৰে চাইকেল লৈ মাছ বিক্ৰী কৰিব। ফিছফেডে ২০০ গ্ৰামৰ তলৰ ভাঙোন-মিৰিকা প্ৰতিকেজিত ২৫০ টকা, ১ কেজি তলৰ ৰৌ, চিতল, মিৰিকা ৩০০ টকা, ১ কেজি ওপৰৰ ৰৌ,চিতল, মিৰিকা ৩৫০ টকা, ২ কেজিৰ ওপৰৰ ৰৌ, চিতল, মিৰিকা ৪০০ টকা, ১ কেজিৰ তলৰ গ্ৰাছকাৰ্প, ছিলভাৰ কাৰ্প, মনকাৰ্পৰ ২৫০ টকা, ১ কেজিৰ ওপৰৰ গ্ৰাছকাৰ্প, ছিলভাৰ কাৰ্প, কমনকাৰ্পৰ ৩০০ টকা আৰু শল, শাল কাৱৈ প্ৰতি কেজিত ৪৫০ টকা দৰ নিৰ্ধাৰণ কৰি দিছে।

You might also like