নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি নিশা ৯ বজাৰ পৰা গুৱাহাটী মহানগৰীৰ ১১ ৱাৰ্ডত লক ডাউনঃ DC বিশ্বজিৎ পেগু

নিয়মীয়া বাৰ্তা, ২৩জুনঃ গুৱাহাটী মহানগৰীৰ ২, ৩, ৪, ৫, ৬, ৭, ৮, ৯, ১০, ১৫, ১৬ নং বাৰ্ডত আজিৰে পৰা সম্পূৰ্ণ লক ডাউন। পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে অব্য়াহত থাকিব লক ডাউন। ক্ৰমান্বয়ে বৃদ্ধি পোৱা ক’ৰোনা আক্ৰান্তৰ বাবেই এই সিদ্ধান্ত প্ৰশাসনৰ।

আজি নিশা ৯ বজাৰ পৰা বলবৎ হ’ব লক ডাউন। এই এলেকাসমূহৰ পৰা কোনো লোক ওলাব অথবা সোমাব নোৱাৰিব। অত্যাবশ্যকীয় সেৱাত জড়িত থকাসকলৰ বাবে অৱশ্যে থাকিব কিছু সুকীয়া নিয়ম।

এই এলেকাসমূহত পুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজালৈ খোলা থাকিব গেলামালৰ দোকান, শাক-পাচলিৰ দোকান। অত্য়াবশ্যকীয় সেৱাৰ দোকানসমূহো খোলা থাকিব যদিও যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব।

সকলোকে লক ডাউনৰ নিয়মসমূহ মানি চলিবলৈ সংবাদমেল যোগে আহ্বান জনালে কামৰূপ মেট্ৰ’ৰ উপায়ুক্ত বিশ্বজিত পেগুৰ। পূৰ্বতকৈ অধিক কঠোৰ হ’ব এই লক ডাউন। সামাজিক দূৰত্ব বৰ্তাই ৰখা, মাস্ক পৰিধান কৰাকে ধৰি সকলো নিয়ম মানিবলৈ আহ্বান।

কোনো লোক যদি সাধাৰণ জ্বৰ-বা কাঁহত ভুগি আছে  সেইসকল লোকে সোনকালেই চিকিৎসকৰ কাষ চাপিবলৈও অনুৰোধ জনায়। স্বোৱাব পৰীক্ষা কৰাৰ পাছত তিনিদিনলৈ নিজকে নিজে কোৱাৰেণ্টাইনত ৰাখিবলৈও অনুৰোধ জনায় উপায়ুক্ত পেগুৱে।

You might also like