নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি বৰঝাৰত অৱতৰণ কৰিব ৪ হাজাৰ যাত্রী

নিয়মীয়া বাৰ্তা, ২৫ মেঃ মার্চৰ পৰা দেশজুৰি অব্যাহত থকা লকডাউনৰ প্রভাৱৰ বাবে যাত্রাবাহী বিমানৰ চলাচল বন্ধ হৈ আছিল যদিও আজিৰে পৰা পুনৰ আৰম্ভ হ’ব ঘৰুৱা বিমানসেৱাৰ চলাচল৷ দেশজুৰি অব্যাহত থকা লকডাউনৰ বাবে বাছ আৰু ৰে’লসেৱাৰ চলাচল ইতিমধ্যে আৰম্ভ হৈছে যদিও সমগ্র দেশৰ সমান্তৰালকৈ উত্তৰ–পূর্বাঞ্চলৰ ১২টা বিমানবন্দৰৰ জৰিয়তে ঘৰুৱা বিমানৰ চলাচল পুনৰ আজিৰ পৰা আৰম্ভ হ’ব৷ তেনেক্ষেত্রত উত্তৰ–পূর্বাঞ্চলৰ একমাত্র আন্তর্জাতিক বিমানবন্দৰ হিচাপে পৰিগণিত গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰ কর্তৃপক্ষই ইতিমধ্যে যাৱতীয় প্রস্তুতি সম্পূর্ণ কৰি তুলিছে৷

ভাৰতীয় বিমানবন্দৰ প্রাধিকৰণৰ উত্তৰ–পূব মণ্ডলৰ ক্ষেত্রীয় কার্যবাহী সঞ্চালক সঞ্জীৱ জিন্দালে এই সন্দর্ভত জানিবলৈ দিয়া মতে, আজি পুৱা ৭ বজাত চেন্নাইৰ পৰা প্রথমখন বিমান যাত্রী কঢ়িয়াই আনি বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰিব৷ দিনৰ ভাগত গুৱাহাটী আৰু বহিঃৰাজ্যৰ মাজত ৫০খনৰো অধিক বিমান চলাচল কৰিব৷ বিমানবন্দৰত ৰাজ্যৰ স্বাস্থ্য বিভাগে বিমানযাত্রীসকলৰ স্বাস্থ্য পৰীক্ষা কৰিব৷

উল্লেখনীয় যে  ৪,০০০ বিমানযাত্রী বহিঃৰাজ্যৰ পৰা গুৱাহাটী অভিমুখে ৰাওনা হ’ব৷ বিমানবন্দৰত যাত্রীসকলক ৰাজ্যৰ স্বাস্থ্য বিভাগ আৰু জিলা প্রশাসনে পাঁচটা পর্যায়ত পৰীক্ষা কৰিব৷ গুৰুত্বপূর্ণ কথা এই যে প্রতিগৰাকী বিমানযাত্রীৰ ছোৱাব পৰীক্ষা কৰা হ’ব৷ বিমানবন্দৰত অৱতৰণ কৰাৰ পিছত প্রশাসনে নিজ নিজ গন্তব্যস্থানলৈ প্রেৰণৰ ব্যৱস্থা কৰিব৷

You might also like