নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আদাবাৰীত চিটীবাছত যাত্রীৰ ধন লুট দুর্বৃত্তৰ

৫ অভিযুক্তক গ্রেপ্তাৰ

নিয়মীয়া বার্তা, ৭ফেব্রুৱাৰীঃ আদাবাৰীত চিটীবাছ যাত্রীৰ পৰা ধন লুট কৰা ঘটনাই তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জালুকবাৰীৰ পৰা মালিগাঁও অভিমুখী এখন চিটীবাছত এগৰাকী যাত্রীৰ পৰা পকেটমাৰৰ এটা দলে কৌশলেৰে মানীবেগ আৰু ম’বাইল ফোন লৈ যায়৷ যাত্রীগৰাকীৰ পৰা দলটোৱে নগদ ২৭ হাজাৰ টকা আৰু ম’বাইল ফোন নিয়াৰ পিছতে আন যাত্রীৰ সহযোগত তিনিটা পকেটমাৰক আটক কৰিবলৈ সক্ষম হয়৷ ঘটনা সন্দর্ভত ভুক্তভোগী লোকজনে এজাহাৰ দাখিল কৰে৷ ধৃত পকেটমাৰকেইজন ক্রমে উৎপল বিশ্বাস, প্রাঞ্জল দাস, হাবিবুৰ ৰহমান আৰু মহম্মদ আলী বুলি আৰক্ষীয়ে জানিবলৈ দিছে