ইটাভাতাৰ ক’লা ধোঁৱাই প্রদূষিত কৰিছে বোন্দাৰ বৃহৎ অঞ্চল
নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ ইটাভাতাৰ পৰা হোৱা ব্যাপক প্রদূষণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মহানগৰীৰ সমীপৱর্তী প্রায় দহখনকৈ গাঁৱত৷ প্রদূষণৰ বাবে সম্প্রতি এই গাঁওকেইখনৰ বাসিন্দাসকল আক্রান্ত হৈছে কর্কট, জণ্ডিছকে ধৰি শ্বাস–প্রশ্বাসজনিত বিভিন্ন ৰোগত৷
উল্লেখ্য যে বোন্দাৰ চপাইদাং অঞ্চলত বহু বছৰ ধৰি চলি আছে কেইবাটাও ইটাভাতা৷ পূর্বতে ভাতাৰ সংখ্যা দহতকৈ অধিক আছিল যদিও সম্প্রতি সাতটা ইটাভাতা পূর্ণোদ্যমে চলি আছে৷ এই ভাতাকেইটাৰ পৰা হোৱা প্রদূষণৰ ফলত বৃহত্তৰ অঞ্চলটোৰ বিশেষকৈ চপাইদাং, বোন্দা, ঘুলিগাঁও, ধূপগুৰি, আমগাঁও, তিনটুকুৰা আদি কৰি প্রায় দহখন গাঁৱৰ বাসিন্দা প্রত্যক্ষভাৱে ক্ষতিগ্রস্ত হৈছে৷
স্থানীয় ৰাইজে প্রকাশ কৰা অনুসৰি বছৰৰ অক্টোবৰ মাহৰ পৰাই একপ্রকাৰ মূৰৰ কামোৰণি হৈ পৰে অঞ্চলবাসীৰ৷ ভাতাসমূহত ইটা জ্বলনৰ কাম আৰম্ভ হোৱাৰ পিছৰে পৰা সমগ্র অঞ্চল ক’লা ধোঁৱাৰে আৱৰি পৰে৷ স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে ভাতাসমূহৰ পৰা নির্গত ব্যাপক ক’লা ধোঁৱাই বায়ু, পানী, গছ–গছনি আদি সকলো আৱৰি ধৰাৰ পৰিপ্রেক্ষিতত ঘৰৰ বাহিৰত ওলাব নোৱৰা পৰিৱেশৰ সৃষ্টি হয়৷
এই প্রদূষণৰ বাবেই অঞ্চলটোৰ গছ–গছনিৰ শ্রীবৃদ্ধি অথবা ফলমূলকে ধৰি উৎপাদনৰ পৰিমাণ তেনেই হ্রাস পাইছে৷ একেদৰে অঞ্চলটোৰ খোৱা আৰু অন্যান্য কামত ব্যৱহাৰ কৰা পানীৰ উৎসসমূহতো প্রদূষণৰ ব্যাপক প্রভাৱ পৰিছে৷ প্রদূষণৰ ফলত সমগ্র অঞ্চলত বিগত কেইবাবছৰৰ পৰা শ্বাস–প্রশ্বাসজনিত বিভিন্ন অচিন ৰোগৰ প্রাদুর্ভাৱ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ কর্কট আৰু জণ্ডিছ ৰোগ অভাৱনীয় হাৰত বৃদ্ধি পাইছে৷ আনহাতে অঞ্চলটোত মহামাৰী ৰূপত সময়ে সময়ে হৈ থকা কলাজ্বৰৰ প্রাদুর্ভাৱো
এই প্রদূষণৰে প্রভাৱ বুলি দাবী কৰিছে স্থানীয় ৰাইজে৷ মন কৰিবলগীয়া কথাটো হ’ল যে অঞ্চলবাসীয়ে বছৰ বছৰ ধৰি ইটাভাতাৰ পৰা হোৱা প্রদূষণৰ কু–প্রভাৱ ভুগি অহাৰ কথা প্রদূষণ নিয়ন্ত্রণ বোর্ডৰ উপৰি সংশ্লিষ্ট কর্তৃপক্ষক একাধিকবাৰ অৱগত কৰিছে যদিও আশ্চর্যজনকভাৱে আজি পর্যন্ত কোনো পদক্ষেপ গ্রহণ কৰা নাই সংশ্লিষ্ট পক্ষই৷ জনজীৱন, পশুকুলৰ উপৰি বায়ু–পানী সর্বদিশতে ব্যাপক প্রদূষণৰ কু–প্রভাৱক লৈ চিন্তিত হৈ পৰিছে অঞ্চলবাসী৷ বিশেষকৈ শিশু আৰু বৃদ্ধসকলৰ জীৱনত অধিক প্রভাৱিত হোৱাক লৈ শীঘ্রে পদক্ষেপ গ্রহণৰ দাবী জনাইছে অঞ্চলবাসীয়ে৷