নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইণ্টাৰনেট সেৱা বন্ধ প্রত্যাহাৰ নকৰিলে আন্দোলনৰ হুংকাৰ গুৱাহাটী কেব চালক সন্থাৰ

নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ গুৱাহাটী মহানগৰীকে ধৰি সমগ্র ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী আইন–২০১৯ চমুকৈ ‘কা’বিৰোধী আন্দোলনৰ জুই জ্বলি থকাৰ সময়তে এইবাৰ গুৱাহাটীৰ ৰাজপথত তীব্র আন্দোলন গঢ়ি তোলাৰ লগতে একেলগে ১৫ হাজাৰ বাহন জ্বলাই দিয়াৰ হুংকাৰ দিছে কেবচালক সন্থাই ৷

‘কা’বিৰোধী আন্দোলনৰ বিৰুদ্ধে গুৱাহাটীত বিগত কেইবাদিনো ধৰি বন্ধ হৈ থকা ইণ্টাৰনেট সেৱা পুনৰ মুকলি কৰি নিদিলে অ’লা–উবেৰকে ধৰি বিভিন্ন প্রতিষ্ঠানৰ সৈতে জড়িত ১৫ হাজাৰৰো কেব (বাহন) গুৱাহাটীৰ ৰাজপথত জ্বলাই চৰকাৰ–প্রশাসনৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিব ৷

‘নিয়মীয়া বার্তা’ৰ আগত এই কথা ব্যক্ত কৰে সদৌ গুৱাহাটী কেবচালক সন্থাৰ সভাপতি ইব্রাহিম আলী, সম্পাদক অনিৰুদ্ধ দাসে ৷

একেদৰে অল আছাম কেব অপাৰেটৰছ, ইউনিয়নেও অসমত শীঘ্রে ইণ্টাৰনেট সেৱা বন্ধ প্রত্যাহাৰৰ দাবী জনাইছে ৷ ইউনিয়নৰ সভাপতি ইছমাইল আলীয়ে কয় যে চৰকাৰে কেবচালকসকলৰ প্রতি লক্ষ্য ৰাখি ইণ্টাৰনেট সেৱা বন্ধ প্রত্যাহাৰ নকৰিলে তীব্র গণতান্ত্রিক আন্দোলন গঢ়ি তুলিব ৷ তদুপৰি ‘কা’ৰ বিৰুদ্ধেও ৰাজ্যৰ সকলো দল–সংগঠনৰ লগত আন্দোলন চলাই নিব বুলি তেওঁ কয় ৷

You might also like