নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ–পূবৰ বিমানবন্দৰসমূহৰ্ উন্নয়ন সম্পর্কত বিভাগীয় বিষয়াৰে বৈঠক

নিয়মীয়া বাৰ্তা ২৭ ফেব্ৰুৱাৰীঃ ভাৰতীয় বিমানবন্দৰ প্রাধিকৰণৰ অধ্যক্ষ হিচাপে কেইমাহমান পূর্বে দায়িত্ব গ্রহণ কৰা ভাৰতীয় প্রশাসনীয় সেৱাৰ বিষয়া অৰবিন্দ সিং মঙলবাৰে বিয়লি দুদিনীয়া ভ্রমণসূচীৰে আহি গুৱাহাটীত উপস্থিত হয়৷ প্রথমবাৰৰ বাবে গুৱাহাটীত উপস্থিত হোৱাৰ পিছত গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰৰ আৱাসিক এলেকাৰ অতিথিশালাত সন্ধিয়া উত্তৰ–পূবৰ বিমানবন্দৰসমূহৰ্ উন্নয়ন সম্পর্কীয় এক পর্যালোচনা বৈঠকত ভাগ লয় অধ্যক্ষ অৰবিন্দ সিঙে৷ বৈঠকত প্রাধিকৰণৰ উত্তৰ–পূব মণ্ডলৰ ক্ষেত্রীয় কার্যবাহী সঞ্চালক সঞ্জীৱ জিন্দাল, উত্তৰ–পূবৰ বিমানবন্দৰসমূহৰ্ সঞ্চালককে ধৰি বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল, বিমানবন্দৰ আৰু বিমান সেৱাৰ লগত জড়িত অংশীদাৰসকল উপস্থিত থাকে৷ বৈঠকত উত্তৰ–পূব মণ্ডলৰ ক্ষেত্রীয় কার্যবাহী সঞ্চালক সঞ্জীৱ জিন্দালে উত্তৰ–পূবত প্রাধিকৰণৰ কর্মচাৰীসকলে এক লাখ গছপুলি ৰোপণ কৰা সন্দর্ভত এখন শপত পত্র অধ্যক্ষ অৰবিন্দ সিঙক প্রদান কৰে৷ আনহাতে বুধবাৰে দিনৰ ভাগত অধ্যক্ষ অৰবিন্দ সিঙে অসমৰ বিমানবন্দৰসমূহৰ্ উন্নয়ন, ভূমি অধিগ্রহণ সন্দর্ভত দিছপুৰত অসম চৰকাৰৰ মুখ্যসচিব কুমাৰ সঞ্জয় কৃষ্ণৰ সৈতে এক উচ্চ পর্যায়ৰ বৈঠকত মিলিত হয়৷ আনহাতে, বিয়লি গুৱাহাটী বিমানবন্দৰৰ কলাগুৰু বিষ্ণু প্রসাদ ৰাভা সভাগৃহত আয়োজিত এক সংবাদ মেলত ভাগ লৈ অধ্যক্ষ অৰবিন্দ সিঙে কয়, বিমানবন্দৰৰ নির্মাণৰত অৱস্থাত থকা নতুন টার্মিনেল ভৱনটোৰ অহা বছৰৰ মাজভাগত নির্মাণ সম্পূর্ণ হ’ব৷ তেনেদৰে অৰুণাচল প্রদেশৰ ইটানগৰৰ হলোংগী বিমানবন্দৰৰ কামো সোনকালে আৰম্ভ হ’ব৷ সংবাদ মেলত ক্ষেত্রীয় কার্যবাহী সঞ্চালক সঞ্জীৱ জিন্দাল উপস্থিত থাকে৷

You might also like