উন্নয়নমূলক আঁচনিয়ে ঢুকি পোৱা নাই পশ্চিম মায়ঙক
নিয়মীয়া বার্তা, ৮ জানুৱাৰীঃ দেশ স্বাধীন হোৱাৰ ৭৩ বছৰৰ পিছতো বাঁহৰ সাঁকোৰে আজিও যাতায়াত কৰি আছে মহানগৰীৰ সমীপৱর্তী এটা বিশেষ অঞ্চলৰ বাসিন্দাই ৷ যাতায়াত ব্যৱস্থা বুলিবলৈ একেবাৰে পিছপৰা অঞ্চলটো হ’ল মহানগৰীৰ পৰা কেইকিলোমিটাৰমান নিলগৰ পশ্চিম মায়ং অঞ্চল ৷ উল্লেখ্য যে বৃহত্তৰ এই পশ্চিম মায়ং অঞ্চলটোৰ মাজেদি পাৰ হৈ গৈছে ধিপুজি জান নামৰ এটি জান৷ প্রায় এশ–ডেৰশ ফুট প্রস্থৰ এই জানটোৰ দুয়োপাৰে আছে নলনি, দীঘলআটি, ভেৰভেৰী, কলংপাৰ, ধিপুজী, ধামখুন্দা, গোভালী আদি কেইবাখনো গাঁও ৷ এই গাঁওকেইখনৰ বাসিন্দাসকলে নিতৌ কৃষিকর্ম আৰু অন্যান্য কামৰ লগতে কণ কণ ছাত্র–ছাত্রীসকলে বিদ্যালয়লৈ অহা–যোৱা কৰিবলগীয়া হয় ৷ কিন্তু দুই পাৰৰ লোকসকলৰ বাবে দ জানখন পাৰ হোৱাৰ একমাত্র সম্বল হ’ল এখন মাথোঁ বাঁহৰ সাঁকো ৷
স্থানীয় ৰাইজে ৰাজহুৱা শ্রমদানেৰে বাঁহৰ উক্ত সাঁকো নির্মাণ কৰি কণ কণ ছাত্র–ছাত্রীৰ পৰা বৃদ্ধলৈকে সকলোৱে অতি বিপজ্জনকভাৱে যুগ যুগ ধৰি অহা–যোৱা কৰি আহিছে ৷ স্থানীয় ৰাইজে উক্ত স্থানত অর্থাৎ জানটোৰ ওপৰত এখন পকী দলং নির্মাণৰ বাবে বিগত সময়ছোৱাৰ বিধায়কসকলক বহু আবেদন–নিবেদন কৰিছিল যদিও আজি পর্যন্ত গুৰুত্ব প্রদান নকৰিলে কোনো এগৰাকী জনপ্রতিনিধিয়ে ৷ বাসিন্দাসকলে জানিবলৈ দিয়া মতে বছৰত প্রায় ৩–৪ বাৰকৈ সাঁকো সাজিবলগীয়া হয় আৰু বানপানীৰ সময়ত প্রতিবাৰে বাঢ়নীপানীয়ে সাঁকোখন উটুৱাই নিয়াৰ ফলত ভালেমান দিন ধৰি যোগাযোগ বিছিন্ন হৈ থাকে দুয়োটা পাৰৰ বাসিন্দাৰ ৷