এবিচিৰ জ’ জেছ লাউঞ্জ বাৰ এণ্ড ৰেষ্টুৰেণ্টত অগ্নিকাণ্ড
নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ লকডাউনৰ মাজতে এবিচিৰ জ’জেছ লাউঞ্জ বাৰ এণ্ড ৰেষ্টুৰেণ্টত এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়৷ অগ্নি কাণ্ডৰ পিছতে অঞ্চলটোত তীব্র আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়৷ অৱশ্যে অগ্নিনির্বাপক বাহিনীয়ে জুই নির্বাপিত কৰিবলৈ সক্ষম হয়৷ এই অগ্ণিকাণ্ডত কেইবালাখ টকাৰ ক্ষয়–ক্ষতি হয়৷
এ চিৰ পৰা হোৱা শ্বর্ট চার্কিটৰ বাবেই এই অগ্ণিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছিল৷ কিন্তু বাৰখনৰ পৰা চাৰিটা সুৰাৰ বটল নাইকিয়া হোৱাত চিচি কেমেৰাৰ ফুটেজ নষ্ট কৰিবৰ বাবেই চোৰৰ দলটোৱে অগ্নিকাণ্ড সংঘটিত কৰা বুলি বাৰখনৰ কর্মচাৰীয়ে জানিবলৈ দিয়ে৷
অগ্নিকাণ্ডৰ ফলত চিচি টিভি কেমেৰাৰ হার্ডডিস্ক জ্বলি নষ্ট হয়৷ উল্লেখ্য যে লকডাউনৰ বাবে সমগ্র দেশতো বন্ধ হৈ আছে সুৰাৰ দোকানৰ লগতে বাৰসমূহ৷