ঐতিহাসিক উমানন্দ দেৱালয়ত গছপুলি ৰোপণ কার্যসূচী সম্পন্ন
ভইচ অৱ এনভাইৰনমেণ্টৰ উদ্যোগত স্বচ্ছ ভাৰত অভিযান
নিয়মীয়া বাৰ্তা ১৭ ফেব্ৰুৱাৰীঃ দেওবাৰে উমানন্দ দেৱালয় প্রাংগণত voice of enviornment’ নামৰ পৰিৱেশ বিষয়ৰ স্বেচ্ছাসেৱী সংগঠনে এলানি স্বচ্ছতামূলক আৰু ফলমূলৰ বৃক্ষ ৰোপণৰ কার্যসূচী অনুষ্ঠিত কৰে৷ আৰম্ভণিতে উমানন্দ দেৱালয়ৰ সম্পাদক অনিল ভট্টাচার্যই বৃক্ষৰোপণৰ কার্যসূচী আৰম্ভ কৰে৷ লগতে সংগঠনটোৰ সদস্যসকলেও এই কার্যসূচীত অংশগ্রহণ কৰে৷ ভাস্কৰ হাজৰিকা, মহাৰাণা চৌধুৰী, পার্থ ধৰ, নলীনাক্ষ চমুৱা, দেৱপাম পুৰকায়স্থ আৰু সবিতা দত্তৰ লগতে অৱসৰপ্রাপ্ত আৰক্ষী গিৰীশ কটকীদেৱে বৃক্ষৰোপণ কৰে৷ ‘উমানন্দ’ পৃথিৱীৰ আটাইতকৈ ক্ষুদ্র নদীদ্বীপ, য’ত প্রতিদিনে হাজাৰ হাজাৰ পর্যটক তথা তীর্থযাত্রীয়ে মন্দিৰ দর্শন আৰু নৈসর্গিক শোভা উপভোগ কৰিবলৈ আহে৷ সেইবাবে এই মন্দিৰৰ চৌপাশ পৰিষ্কাৰ–পৰিচ্ছন্ন কৰি ৰখাটো আমাৰ প্রধান উদ্দেশ্য আৰু সেই উদ্দেশ্য আগত ৰাখি আজি voice of enviornment’–য়ে এক সজাগতামূলক স্বচ্ছ অভিযান চলায় আৰু প্লাষ্টিকমুক্ত উমানন্দৰ বাবে ৰাইজক আহ্বান জনায়৷ উমানন্দৰ এক বিশেষ আকর্ষণ ‘সোণালী বান্দৰ’ বর্তমান লুপ্ত হৈছে৷ তাৰ বাবে ফলমূলৰ বৃক্ষৰোপণৰ জৰিয়তে আকৌ সেই আপুৰুগীয়া সোণালী বান্দৰৰ বাসোপযোগী স্থান হিচাপে গঢ়ি তুলিবলৈ প্রচেষ্টা হাতত লোৱা হয়৷ সংগঠনটোৱে এই ধৰণৰ সজাগতা অনুষ্ঠান সময়ে সময়ে অনুষ্ঠিত কৰি আহিছে৷ উমানন্দ নদীদ্বীপক এক স্বচ্ছ আৰু জৈৱ বৈচিত্র্যপূর্ণ ঐতিহাসিক স্থান হিচাপে অসম তথা ভাৰতবর্ষৰ লগতে সমগ্র বিশ্বত বিখ্যাত কৰি তুলিবলৈ এক প্রয়াস হিচাপে স্বচ্ছতা অভিযান আৰু বৃক্ষৰোপণ কার্যসূচী লোৱা হয়৷