কটন বিশ্ববিদ্যালয়ত জাপানী ভাষাৰ পাঠ্যক্রম
নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ জাপানত শেহতীয়াকৈ বৃদ্ধি পোৱা নিয়োগৰ চাহিদাৰ প্রতি লক্ষ্য ৰাখি কটন এলুমনাই এছ’চিয়েচনে জাপানী ভাষাৰ প্রশিক্ষণৰ বাবে এক বিশেষ উদ্যোগ গ্রহণ কৰিছে৷ জাপান ফাউণ্ডেচনৰ সহযোগত আৰু জাপান এডুকেচন এণ্ড স্কিল ডেভেলপমেণ্ট চেণ্টাৰ নামৰ কেন্দ্রটোৰ জৰিয়তে ৩০গৰাকী শিক্ষার্থীক ছমহীয়া পাঠ্যক্রমৰ বাবে বাছনি কৰা হ’ব৷ এই নতুন পাঠ্যক্রমৰ বিষয়ে সদৰী কৰি কটন এলুমনাই এছ’চিয়েচনৰ সভাপতি ড০ সত্যেন্দ্র কুমাৰ চৌধুৰীয়ে এখন সংবাদ মেলত কয় যে বিশ্বজুৰি জাপানী ভাষা জনা মানুহৰ চাহিদা বৃদ্ধি পাই আহিছে৷ কিয়নো জাপানৰ তথ্য প্রযুক্তি খণ্ডত বৃহৎসংখ্যক নিয়োগৰ সুবিধা ওলাইছে৷ কিন্তু জাপানত চাকৰি কৰিবৰ বাবে জাপানী ভাষা–সংস্কৃতি জনাটো বাধ্যতামূলক৷ সেইবাবেই জাপানত চাকৰি কৰিবৰ বাবে অসমৰ যুৱক–যুৱতীসকলক্ উপযোগী কৰিবৰ বাবে মার্চ মাহৰ মাজভাগৰ পৰা গুৱাহাটীত এটি ছমহীয়া ভাষা প্রশিক্ষণ পাঠ্যক্রম আৰম্ভ কৰিবলৈ লোৱা হৈছে৷ মুঠ ৩০জন প্রশিক্ষার্থীৰে আৰম্ভ কৰিবলগীয়া এই পাঠ্যক্রমৰ প্রশিক্ষণৰ অন্তত এক পৰীক্ষা অনুষ্ঠিত কৰা হ’ব৷ পৰীক্ষাত ৬০ শতাংশ নম্বৰ পালে জাপান ফাউণ্ডেচনৰ পৰা প্রমাণ–পত্র প্রদান কৰা হ’ব৷ সংবাদ মেলত চৌধুৰীয়ে লগতে কয় যে এই পাঠ্যক্রমত যোগদান কৰিবৰ বাবে নূ্যনতম শৈক্ষিক অর্হতা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীর্ণ হ’ব লাগিব আৰু যিকোনো পেছা বা ব্যৱসায়ত জড়িত ব্যক্তিয়ে ইয়াত যোগদানৰ বাবে আবেদন কৰিব পাৰিব৷ কিন্তু প্রথমাৱস্থাত তথ্য প্রযুক্তি ক্ষেত্রৰ ব্যক্তিকহে অগ্রাধিকাৰ দিয়া হ’ব৷ জাপানী আৰু ভাৰতীয় প্রশিক্ষকে পাঠদান কৰিবলগীয়া এই পাঠ্যক্রমৰ মুঠ ফীজ ২০ হাজাৰ টকা যদিও প্রথম পাঠ্যক্রমত ২৫ শতাংশ ৰেহাই দিয়া হ’ব৷ নামভর্তিৰ সময়তে নির্বাচিত প্রশিক্ষার্থীয়ে সমুদায় ধন আদায় দিব লাগিব৷ কটন বিশ্ববিদ্যালয়ৰ এলুমনাই ভৱনত সবিশেষ তথ্য উপলব্ধ হ’ব বুলিও সংবাদ মেলত তেওঁ সদৰী কৰে৷ উল্লেখ্য যে আমেৰিকা যুক্তৰাজ্যৰ পিছতে এতিয়া জাপান বিশ্বৰ তথ্য প্রযুক্তিৰ অন্যতম প্রাণকেন্দ্র হৈ উঠিছে, সেয়ে সেই দেশলৈ পঢ়া–শুনা আৰু জীৱিকাৰ সন্ধানত যোৱা যুৱক–যুৱতীৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পাইছে৷ ভাৰত চৰকাৰে অলপতে জাপানলৈ অহা কেইটামান বছৰৰ ভিতৰত তিনি লাখ যুৱক–যুৱতীক প্রশিক্ষণৰ বাবে প্রেৰণ কৰাৰ আঁচনি ঘোষণা কৰিছে৷ আনহাতে জাপানেও ভাৰতৰ পৰা দুই লাখ যুৱক–যুৱতীক সেই দেশত গ্রীন কার্ড প্রদান কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছে৷ এনে প্রেক্ষাপটত অসম তথা উত্তৰ পূর্বাঞ্চলৰ ছাত্র–ছাত্রীক উৎসাহিত কৰাৰ উদ্দেশ্যে কটন এলুমনাই এছ’চিয়েচনে এই জাপানী ভাষা পাঠ্যক্রম কেন্দ্রটো স্থাপন কৰিছে৷