কটন বিশ্ববিদ্যালয়ৰ উন্নত ভাৰত অভিযান গোটৰ দ্বাৰা অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ
নিয়মীয়া বাৰ্তা, ২৪ এপ্ৰিলঃ দ্বিতীয় পৰ্যায়ৰ লকডাউনৰ সময়ত কটন বিশ্ববিদ্যালয়ৰ উন্নত ভাৰত অভিযান (ইউ বি এ) গোটে উন্নয়নৰ বাবে পৰিগ্ৰহণ কৰা কামৰূপ জিলাৰ চন্দ্ৰপুৰৰ নিজপানবাৰী অঞ্চলৰ অসহায় পৰিয়ালৰ মাজত অত্যাৱশ্যকীয় সামগ্ৰীৰ সাহায্য বিতৰণ কৰে ।
গুৱাহাটী মহানগৰৰ প্ৰশাসনৰ সহযোগত ইউ বি এ ৰ যুটিয়া সমন্বয়ক ড° নাৰায়ণ শৰ্মাৰ উপস্থিতিত ২৩ এপ্ৰিল তাৰিখে উক্ত অঞ্চলৰ লগতে গোটে পৰিগ্ৰহণ কৰা চক্ৰদেউ কলিতাপাৰা অঞ্চলতো সাহায্য বিতৰণ কৰে৷ এই কৰ্যসূচীত নিজ পানবাৰী গাঁৱৰ গাঁওবুঢ়া প্ৰশান্ত ৰঙহাঙৰ তত্ত্বাৱধানত গাঁওবাসীয়ে সামাজিক দূৰত্ব বৰ্তাই ৰাখাৰ লগতে আশা কৰ্মী সকলে চেনিটাইজাৰে হাত ধোৱাৰ ব্যৱস্থা গ্ৰহণ কৰে৷
উল্লেখ্য যে এই পৰিয়ালসমূহৰ মাজত চাউল, দালি, আলু, পিয়াঁজ, তেল, নিমখ, চেনী, চাহ, চাবোন ইত্যাদি অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰা হয়৷
কটন বিশ্ববিদ্যালয়ৰ শিক্ষকসকলৰ আৰ্থিক সাহায্যৰ লগতে বিশ্ববিদ্যালয়ৰ ইউ বি এ ৰ সমন্বয়ক ড° সংগীতা বৰঠাকুৰৰ প্ৰচেষ্টাত এই সমগ্ৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ বিশ্ববিদ্যালয়ৰ ইউ বি এ গোটে উন্নয়নৰ বাবে পৰিগ্ৰহণ কৰা পাঁচখন গাঁৱৰ ভিতৰত বাকী থকা তিনিখন গাঁৱটো সাহায্য বিতৰণৰ কাৰ্যসূচী হাতত লৈছে৷