কাইলৈ গুৱাহাটী প্রেছ ক্লাবৰ সাধাৰণ সভা
নিয়মীয়া বাৰ্তা ১৯ ফেব্ৰুৱাৰীঃ সুদীর্ঘ ১৭ বছৰ বিৰতিৰ অন্তত অহা ২০ ফেব্রুৱাৰীত বিভিন্ন সংবাদ প্রতিষ্ঠানত কর্মৰত সাংবাদিকসকলৰ আহ্বানত প্রথমবাৰৰ অনুষ্ঠিত হ’ব গুৱাহাটী প্রেছ ক্লাবৰ সাধাৰণ সভা৷ প্রেছ ক্লাবৰ সংবিধান অনুসৰি সাধাৰণ সভাখন প্রতিবছৰে অনুষ্ঠিত কৰিব লাগে যদিওবর্তমানৰ কমিটীখনে সুদীর্ঘ ১৭বছৰে সাধাৰণ সভাতো বাদেই, কার্যনির্বাহক সভাই অনুষ্ঠিত নকৰিলে৷ ইয়াৰ পৰিপ্রেক্ষিততে যোৱা আঠ ফেব্রুৱাৰীত বিভিন্ন সংবাদ প্রতিষ্ঠানত কর্মৰত সাংবাদিকসকলে প্রেছ ক্লাবৰ সভাপতি সঞ্জীৱ ফুকন, সম্পাদক নৱ ঠাকুৰীয়াকে ধৰি অন্যান্য বিষয়ববীয়াসকলক সাক্ষাৎ কৰি সাধাৰণ সভা অনুষ্ঠিত কৰাৰ আহ্বানেৰে এখন স্মাৰক–পত্র প্রদান কৰে৷ ইয়াৰ ভিত্তিতে যোৱা ১৬ ফেব্রুৱাৰীত বর্তমানৰ কমিটীখনে প্রথমবাৰৰ বাবে পাঁচজন বিষয়ববীয়াৰ উপস্থিতিত কার্যনির্বাহক সভা অনুষ্ঠিত কৰি বর্তমানৰ কমিটীখনৰ একাংশ বিষয়ববীয়াই পুনৰ ক্ষমতা কুক্ষিগত কৰাৰ স্বার্থত সাধাৰণ সভা আহ্বানৰ পৰিৱর্তে অকর্তৃত্বশীলভাৱে এখন নির্বাচন সমিতি গঠন কৰে৷ বর্তমানৰ কমিটীখনে গ্রহণ কৰা এই সিদ্ধান্তৰ বৈধতাক লৈ প্রশ্ণ উত্থাপনৰ পিছতে ১১জনীয়া কার্যনির্বাহক কমিটীৰ পৰা সহকাৰী সম্পাদক সৌৰভ কুমাৰ বৰা, কার্যনির্বাহক সদস্য গীতার্থ পাঠক আৰু প্রকাশ মহন্তই পদত্যাগ কৰে৷ লগতে বর্তমানৰ কমিটীখনে অবৈধভাৱে গঠন কৰা নির্বাচনী সমিতিৰ পৰা নিজৰ নাম প্রত্যাহাৰ কৰে জ্যেষ্ঠ সাংবাদিক অজিত পাটোৱাৰীয়ে৷ ইয়াৰ পৰিপ্রেক্ষিততে গুৱাহাটী প্রেছ ক্লাবত সৃষ্টি হোৱা অচলাৱস্থা দূৰীকৰণ তথা প্রেছ ক্লাবৰ আগন্তুক নির্বাচন সন্দর্ভত বিভিন্ন সংবাদ প্রতিষ্ঠানত কর্মৰত সাংবাদিকসকলে বাধ্য হৈ এই সাধাৰণ সভাৰ আহ্বান কৰে৷ উক্ত সাধাৰণ সভালৈ প্রেছ ক্লাবৰ বর্তমানৰ সভাপতি সঞ্জীৱ ফুকন, সম্পাদক নৱ ঠাকুৰীয়াকে প্রমুখ্যে অন্যান্য বিষয়ববীয়াসকলকো আমন্ত্রণ জনাইছে৷ লগতে প্রেছ ক্লাবৰ প্রতিজন সাধাৰণ সদস্য–সদস্যাক উক্ত সাধাৰণ সভাত উপস্থিত থাকিবলৈ কর্মৰত সাংবাদিকসকলে এক বিজ্ঞপ্তিযোগে আহ্বান জনাইছে৷