নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কুণ্ডিল নগৰ পানী যোগান আঁচনি বিকল

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ হেমাহিত খোৱাপানীৰ পৰা বঞ্চিত মহানাগৰিক

নিয়মীয়া বাৰ্তা ১৮ ফেব্ৰুৱাৰীঃ গুৱাহাটী মহানগৰীৰ পানী যোগান আঁচনিসমূহ কার্যক্ষম কৰাৰ লগতে মহানগৰবাসীক শীঘ্রে বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে যদিও এই সমূহ বাস্তৱ ক্ষেত্রত কার্যকৰী হোৱা পৰিলক্ষিত হোৱা নাই৷ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ একাংশ বিষয়া–কর্মচাৰীৰ হেমাহিৰ বাবেই বহু পানী যোগান আঁচনি দীর্ঘদিন ধৰি বিকল হৈ পৰা দেখা গৈছে৷ ফলত এটুপি খোৱাপানীৰ বাবে মহানগৰবাসীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ সংশ্লিষ্ট পানী যোগান আঁচনিসমূহ পৰিচালনা কৰা স্থানীয় সমিতিয়ে জনস্বাস্থ্য কাৰিকৰী বিভাগক এইক্ষেত্রত বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ দাবী জনাই অহাৰ পিছতো সেইসমূহ কার্যক্ষম কৰা পৰিলক্ষিত হোৱা নাই৷ বিশেষকৈ বশিষ্ঠ অঞ্চলৰ কুণ্ডিলনগৰত থকা অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কুণ্ডিল নগৰ পানী যোগান আঁচনি দীর্ঘদিন মেৰামতিৰ অভাৱত জৰাজীর্ণ হৈ পৰিছে৷ পানী যোগান আঁচনি পৰিচালনা সমিতিৰ সভাপতি ফনু ভট্টাচার্যই জানিবলৈ দিয়া মতে বৃহত্তৰ কুণ্ডিল নগৰবাসীৰ দাবীত জনস্বাস্থ্য কাৰিকৰী বিভাগে ২০১১ চনত এই পানী যোগান আঁচনি প্রস্তুত কৰে৷ আঁচনিখনৰ পৰা স্থানীয় শতাধিক পৰিয়ালৰ সহস্রাধিক লোকে আৰম্ভণিতে নিয়মিতভাৱে পানী পাইছিল যদিও কেইবছৰমানৰ পিছতেই এই আঁচনি জৰাজীর্ণ হৈ পৰে৷ বৰিং আৰু ৱাটাৰ ৰিজার্ভাৰকে ধৰি আঁচনিখনৰ প্রায়বোৰ মেচিনেৰী সামগ্রীৰ লগতে পাইপসমূহ মেৰামতিৰ অভাৱত জহি–খহি যোৱাৰ ফলত অঞ্চলবাসী পর্যাপ্ত পানীৰ পৰা বঞ্চিত হৈছে৷ এইক্ষেত্রত বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ সমিতিয়ে জনস্বাস্থ্য কাৰিকৰী বিভাগক দাবী জনোৱাৰ পিছতো গা লৰা নাই বিভাগীয় কর্তৃপক্ষৰ৷ আনহাতে, সমিতিৰ সম্পাদক লোহিত শর্মা বৰুৱাই জনোৱা মতে এই আঁচনিখন কার্যক্ষম কৰিবলৈ স্থানীয় বিধায়ক অতুল বৰাই জনস্বাস্থ্য কাৰিকৰী বিভাগক লিখিতভাৱে অৱগত কৰোৱাৰ পিছতো কোনো পদক্ষেপ গ্রহণ কৰা নাই৷ আনকি জলব’র্ডে প্রস্তুত কৰি থকা নতুন পানী যোগান আঁচনিত কুণ্ডিল নগৰবাসীক সামৰি নোলোৱাৰ অভিযোগ কৰে তেওঁ, ইপিনে আঁচনিখন পৰিচালনা কৰা সমিতিৰ কোষাধ্যক্ষ পৰেশ দেৱ চৌধুৰীয়ে কয় যে এই আঁচনি পৰিচালনা কৰাৰ বাবদ মাহিলি প্রায় ১২ হাজাৰ টকা বৈদ্যুতিক মাচুল আৰু াঁচনিখন চোৱা–চিতা কৰাৰ বাবে নিয়োগ কৰা যুৱকজনক ৪.৫ হাজাৰ টকা আদায় দিয়াৰ লগতে অন্যান্য কামৰ বাবদ প্রায় তিনি হাজাৰ টকাৰ ব্যয় বহন কৰিবলগীয়া হৈছে৷ গ্রাহকসকলৰ পৰা সংগ্রহ কৰা মাচুলৰ জৰিয়তে সমুদায় খৰচ বহন কৰাত বিশেষ অসুবিধাৰ সন্মুখীন হোৱা বুলি তেওঁ জানিবলৈ দিছে৷ সেয়েহে শীঘ্রে আঁচনিখনৰ মেৰামতিৰ বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগক বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ বৃহত্তৰ কুণ্ডিল নগৰবাসীয়ে দাবী জনাইছে৷

You might also like