নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোৱাৰেণ্টাইনৰ পৰা অহা লোকক লৈ শংকাৰ কাৰণ নাই

নিয়মীয়া বার্তা, ১ জুনঃ  মহামাৰী ক’ৰোনা ভাইৰাছ ৰোধৰ ক্ষেত্রত ৰাজ্যৰ স্বাস্থ্য বিভাগক সহযোগ কৰি কোৱাৰেণ্টাইন কেন্দ্রৰ পৰা ওলাই অহা লোকসকলক একাংশ ভাৰাঘৰৰ মালিক, এপার্টমেণ্টৰ আৱাসী তথা প্রতিবেশী লোকসকলে ভেদভাবেৰে চোৱা আৰম্ভ কৰিছে৷ বিশেষকৈ বিভিন্ন কাৰণত দীর্ঘদিন ধৰি লকডাউনৰ বাবে বহিঃৰাজ্যত আবদ্ধ হৈ থকা একাংশ লোকক এক বিশেষ পদ্ধতিৰে ৰাজ্যলৈ ওভতাই আনি ১৪ দিনৰ বাবে বিভিন্ন কেন্দ্রত কোৱাৰেণ্টাইনত ৰাখি ৰাজ্যৰ স্বাস্থ্য বিভাগে নিৰীক্ষণ কৰি আছে৷

কোৱাৰেণ্টাইন কেন্দ্রত নিৰীক্ষণৰ থকা লোকসকলে নির্দিষ্ট সময়ৰ ভিতৰত স্বাস্থ্য বিভাগৰ অনুমতিত স্বগৃহ তথা ভাৰাঘৰলৈ যোৱাৰ পাছত একাংশ ভাৰাঘৰৰ মালিক তথা প্রতিবেশী লোকে শংকাত ভুগিছে৷ তদুপৰি কোৱাৰেণ্টাইন কেন্দ্রৰ পৰা অহা লোকসকলক শংকাৰ দৃষ্টিৰে চোৱাৰ পৰিপ্রেক্ষিতত মহানগৰীত এক অনাহূত পৰিস্থিতিৰ সৃষ্টি হৈছে৷ কামৰূপ মহানগৰ জিলা প্রশাসনৰ ওচৰত এই তথ্য পৰাত জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে প্রতিক্রিয়া প্রকাশ কৰিছে৷

জিলা উপায়ুক্তগৰাকীয়ে কোৱাৰেণ্টাইন কেন্দ্রৰ পৰা অহা লোকসকলক যাতে কোনো লোকে ভেদভাবেৰে নাচায় তাৰ বাবে আহ্বান জনাইছে৷ এক গোহাৰি পত্রত জিলা উপায়ুক্তগৰাকীয়ে কয় যে বহিঃৰাজ্যৰ পৰা ব্যক্তি মানেই ক’ৰোনাত আক্রান্ত ব্যক্তি নহয়৷ তেনে ব্যক্তি ক’ৰোনাত আক্রান্ত হয় নে নহয়, সেয়া স্বাস্থ্য বিভাগৰ দ্বাৰা কৰা পৰীক্ষা–নিৰীক্ষাতহে নিশ্চিত হ’ব৷ ক’ৰোনাত আক্রান্ত বুলি নিশ্চিত হ’লে তেনে ব্যক্তিৰ চিকিৎসাৰ বাবে তাৎক্ষণিকভাৱে ব্যৱস্থা লোৱা হয়, সেয়ে বাহিৰৰ পৰা অহা ব্যক্তি মানেই শংকিত হোৱাৰ প্রয়োজন নাই৷

You might also like