নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খাদ্য সুৰক্ষা বিভাগৰ অনুজ্ঞাপত্র অবিহনে গুৱাহাটী বেকাৰীৰ অবৈধ ব্যৱসায়

নিয়মীয়া বাৰ্তা, ২৯ নৱেম্বৰঃ গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত অস্বাস্থ্যকৰ পৰিৱেশত পৌৰ নিগমকে ধৰি বিভাগীয় কর্তৃপক্ষৰ অনুজ্ঞাপত্র অবিহনে একাংশ লোকে ব্যৱসায় চলাই আহিছে৷ শেহতীয়াকৈ চূণচালিত প্রশাসনে উচ্ছেদ কৰা এটা অট্টালিকাত বিগত কেইবাবছৰ ধৰি উদ্যোগ স্থাপন কৰি ব্যৱসায় চলাই অহাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে চূণচালিৰ ৰাইজে৷ অভিযোগ অনুসৰি খাদ্য সুৰক্ষা বিভাগ, প্রদূষণ নিয়ন্ত্রণ ব’ৰ্ড, অগ্নি নির্বাপক বাহিনীকে ধৰি বিভিন্ন বিভাগৰ অনুজ্ঞাপত্র অবিহনে চূণচালিৰ ব্রহ্মপুত্রৰ পাৰত উদ্যোগ স্থাপন কৰি গুৱাহাটী বেকাৰীৰ স্বত্বাধিকাৰীয়ে ব্যৱসায় চলাই আহিছে৷

স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, জিএমডিএ আৰু জিএমচিৰ অনুজ্ঞা–পত্র অবিহনে চূণচালিৰ ব্রহ্মপুত্রৰ পাৰত এটা কেইবামহলীয়া অট্টালিকা নির্মাণ কৰিছিল৷ স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত কামৰূপ মহানগৰ জিলা প্রশাসনে উক্ত অট্টালিকাটো উচ্ছেদ কৰিছিল৷ কিন্তু জিলা প্রশাসনৰ বিষয়া–কর্মচাৰীক মেনেজ কৰি উচ্ছেদ হোৱা অট্টালিকাটোত বিগত কেইবা বছৰ ধৰি গুৱাহাটী বেকাৰীৰ কাৰখানা স্থাপন কৰি ব্যৱসায় চলাই আহিছে৷ গুৱাহাটীৰ এখন পুৰণি ব্যৱসায়িক প্রতিষ্ঠান হিচাপে পৰিচিত গুৱাহাটী বেকাৰীয়ে নীতি–নির্দেশনা উলংঘাৰে চূণচালিৰ ব্রহ্মপুত্রৰ পাৰত কাৰখানা স্থাপন কৰি অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত খাদ্য–সামগ্রী তৈয়াৰ কৰি আহিছে৷ চূণচালিৰ আৱাসিক এলেকাত স্থাপন কৰা কাৰখানাটোৰ পৰা ওলোৱা বর্জিত পদার্থ নলাৰে ব্রহ্মপুত্র নদীত পেলাই অহাৰ উপৰি উদ্যোগটোৰ পৰা ওলোৱা ধোঁৱাই অঞ্চলটোত পৰিৱেশ প্রদূষিত কৰা বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে৷ নীতি–নির্দেশনা উলংঘাৰে চূণচালিত কাৰখানা স্থাপন কৰি ব্যৱসায় চলাই অহা গুৱাহাটী বেকাৰীৰ বিৰুদ্ধে জিলা প্রশাসনে কি ব্যৱস্থা গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷

You might also like