খানাপাৰাৰ আঠমাইলত মাটি কঢ়িওৱা ডাম্পাৰ দুর্ঘটনাগ্রস্ত
নিয়মীয়া বার্তা, ২৩ ডিচেম্বৰঃ যান–বাহন আইন উলংঘাৰে গুৱাহাটীত দিনে–নিশাই অব্যাহত আছে ট্রাক–ডাম্পাৰচালকৰ্ দৌৰাত্ম্য৷ বিগত প্রায় এসপ্তাহ ধৰি বিশেষকৈ নিশাৰ ভাগত মেঘালয়ৰ পৰা ৰঙামাটি কঢ়িয়াই অনা ডাম্পাৰচালকৰ দৌৰাত্ম্যৰ বাবে ৩৭নং ৰাষ্ট্রীয় ঘাইপথত কেইবাটাও পথ দুর্ঘটনা সংঘটিত হৈছে৷
দেওবাৰে পুৱতি নিশা ৪ বজাত খানাপাৰাৰ আঠমাইলত মেঘালয়ৰ পৰা ৰঙামাটি আনিবলৈ গৈ থকা এখন ডাম্পাৰ দুর্ঘটনাগ্রস্ত হয়৷
এ এছ ০১ এফ চি ৯০০৬ নম্বৰৰ ডাম্পাৰখনৰ চালকে নিয়ন্ত্রণ হেৰুওৱাৰ ফলত পথৰ ডিভাইডাৰত ডাম্পাৰখন উঠি যায়৷ দুর্ঘটনাটোত চালক ৰিয়াজুল আলী (২৪) গুৰুতৰভাৱে আহত হয়৷
সম্প্রতি চালকজন সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে৷ স্থানীয় ৰাইজে অভিযোগ কৰা মতে নিশাৰ ভাগত মেঘালয়ৰ পৰা ৰঙামাটি কঢ়িওৱা ডাম্পাৰচালকৰ দৌৰাত্ম্যৰ বাবে এনেধৰণৰ পথ দুর্ঘটনা সংঘটিত হৈ আহিছে৷