নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গণৰাজ্য দিৱসত কূটাঘাতৰ শংকাঃ গুৱাহাটীত কটকটীয়া নিৰাপত্তা বেষ্টনী

নিয়মীয়া বাৰ্তা ২৬ জানুৱাৰীঃ আজি দেশৰ ৭২সংখ্যক গণৰাজ্য দিৱস৷ সমগ্র দেশৰ লগতে গুৱাহাটী মহানগৰীত গণৰাজ্য দিৱস উদযাপন কৰাৰ ব্যাপক প্রস্তুতি আৰম্ভ হৈছে৷ ইতিমধ্যে সকলো চৰকাৰী–বেচৰকাৰী অনুষ্ঠান–প্রতিষ্ঠানক ধৰি মহানগৰীৰ প্রান্তে প্রান্তে গণৰাজ্য দিৱস পালনৰ প্রস্তুতি সম্পূর্ণ কৰি তোলা হৈছে৷ কামৰূপ মহানগৰ জিলা–আৰক্ষী প্রশাসনে গণৰাজ্য দিৱসৰ কার্যসূচী সফল কৰি তুলিবলৈ মহানগৰবাসীক আহ্বান জনোৱাৰ লগতে গণৰাজ্য দিৱসত যাতে কোনো দুষৃকতিকাৰীয়ে কূটাঘাত সংঘটিত কৰিব নোৱাৰে তাৰ বাবে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে৷

গুৱাহাটীৰ সকলো ৰাজপথত আৰক্ষী প্রশাসনে ব্যাপক তালাচী অভিযান আৰম্ভ কৰাৰ সমান্তৰালকৈ বৰঝাৰ বিমানবন্দৰ, গুৱাহাটী ৰে’ল ষ্টেচন, আন্তঃৰাজ্যিক বাছ আস্থান আৰু শৰাইঘাট দলঙকে ধৰি গুৱাহাটী মহানগৰীৰ প্রায়বোৰ অঞ্চলত আৰক্ষীয়ে তালাচী চলোৱা পৰিলক্ষিত হৈছে৷ তদুপৰি বহিঃৰাজ্যৰ লগতে ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা গুৱাহাটী মহানগৰীলৈ অহা যান–বাহনসমূহত তন্নতন্নকৈ আৰক্ষীয়ে তালাচী চলায়৷ বিশেষকৈ কালি সন্ধিয়া মহানগৰীৰ প্রতিটো স্পর্শকাতৰ অঞ্চলত আৰক্ষীয়ে তীক্ষ্ণ নজৰ ৰাখিছে৷

ইপিনে, চি আই এছ এফৰ জোৱানে কোনো দুষৃকতিকাৰীয়ে যাতে কূটাঘাতমূলক কার্য সংঘটিত কৰিব নোৱাৰে তাক লৈয়ে বিমানবন্দৰত চলাইছে তালাচী অভিযান৷ বৰঝাৰ আৰক্ষী চকী আৰু চি আই এছ এফে বিমানবন্দৰত প্রৱেশ কৰা প্রতিখন সৰু–ডাঙৰ বাহনত চলাইছে তালাচী৷ যাতে কোনো বিস্ফোৰক সামগ্রী লৈ প্রৱেশ কৰিব নোৱাৰে বৰঝাৰ বিমানবন্দৰত৷ গণৰাজ্য দিৱসৰ প্রাকক্ষণত যাতে কোনো কূটাঘাটমূলক ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ প্রতি লক্ষ্য ৰাখিয়ে এইদৰে কটকটীয়া কৰা হৈছে বৰঝাৰ বিমানবন্দৰৰ নিৰাপত্তা ব্যৱস্থাটো৷

আনহাতে, চি আই এছ এফ বাহিনীয়ে বিমানবন্দৰৰ ভিতৰে–বাহিৰে প্রৱেশ কৰা যাত্রীসকলক তালাচী চলোৱাৰ উপৰি প্রতিজন যাত্রীৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে৷ লগতে স্নিফাৰ ডগ, স্কেনিং মেচিনৰ জৰিয়তে তন্ন তন্নকৈ পৰীক্ষা কৰিছে বিমানবন্দৰ চৌহদ আৰু যাত্রীৰ বেগ,বাহনসমূহ৷ বৰঝাৰ বিমানবন্দৰৰ কূটাঘাত ৰোধ কৰাৰ ক্ষেত্রত বিমানবন্দৰৰ দায়িত্বত থকা চি আই এছ এফবাহিনী আৰু বৰঝাৰ আৰক্ষীয়ে চলোৱা তালাচীত কোনো সুৰুঙা এৰা নাই৷ আনহাতে গুৱাহাটী ৰে’ল ষ্টেচনত জি আৰ পি আৰু আৰ পি এফৰ জোৱানে বিগত কেইবাদিনো ধৰি কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে৷ বহিঃৰাজ্যৰ পৰা অহা প্রতিগৰাকী যাত্রী আৰু সামগ্রীসমূহ তন্ন তন্নকৈ পৰীক্ষা কৰা পৰিলক্ষিত হৈছে৷ একেদৰে বেতকুছিৰ আন্তঃৰাজ্যিক বাছ আস্থানত গড়চুক আৰক্ষী আৰু আই এছ বি টি আৰক্ষীয়ে গণৰাজ্য দিৱসৰ প্রাক্ক্ষণত যাতে দুষৃকতিকাৰীয়ে কোনো আপত্তিজনক সামগ্রী কঢ়িয়াই আনিব নোৱাৰে তাৰ বাবে তীক্ষ্ণ দৃষ্টি ৰাখিছে৷

You might also like