নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কমলাকান্ত গগৈ পুনৰ পদাধিকাৰ নির্বাচিত

শ্রীমন্ত শংকৰদেৱ সংঘ

নিয়মীয়া বাৰ্তা ২৬ জানুৱাৰীঃ শ্রীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ হিচাপে পুনৰ কমলাকান্ত গগৈ নির্বাচিত হৈছে৷ উত্তৰ–পূব ভাৰতৰ অন্যতম বৃহৎ ধর্মীয় আৰু সামাজিক সংগঠন শ্রীমন্ত শংকৰদেৱ সংঘৰ আগন্তুক দুটা বর্ষৰ বাবে পদাধিকাৰ হিচাপে দ্বিতীয়বাৰৰ বাবে নির্বাচিত হৈছে কমলাকান্ত গগৈ৷ নগাঁও চহৰৰ কলংপাৰস্থিত শ্রীমন্ত শংকৰদেৱ সংঘৰ মূল কার্যালয়ত সোমবাৰে পুৱাৰে পৰা অনুষ্ঠিত ভোটগণনাৰ অন্তত ১,৭৬০টা ভোট লাভ কৰি ৯৭৮টা ভোটৰ ব্যৱধানত কমলাকান্ত গগৈ সংঘৰ পদাধিকাৰ হিচাপে পুনৰ নির্বাচিত হৈছে৷ যোৱা অক্টোবৰ মাহৰ পৰা আৰম্ভ হোৱা পদাধিকাৰ পদৰ নির্বাচনী প্রক্রিয়াৰ পাছত ৰাজ্যখনৰ ভিন্ন প্রান্তত থকা সংঘৰ ৩ হাজাৰ ৬৫খন প্রাথমিকে ভোটদান সাব্যস্ত কৰাৰ পাছত সংবিধান অনুসৰি সংঘৰ মূল কার্যালয়ত এই ভোটগণনা প্রক্রিয়া অনুষ্ঠিত হয়৷ উল্লেখ্য যে পদাধিকাৰ হিচাপে প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হৈছিল ডিব্রুগড জিলাৰ কমলাকান্ত গগৈ, গোলাঘাট জিলাৰ পৱিত্রপ্রাণ বৰা আৰু মৰিগাঁও জিলাৰ পুনিৰাম পাটৰ৷

You might also like