নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গান্ধীমণ্ডপ পথৰ জৰাজীর্ণ ৰূপে দুর্ভোগ ভোগাইছে পথচাৰীক

নিয়মীয়া বাৰ্তা, ১৮ মেঃ  মহানগৰীৰ উলুবাৰীস্থিত দক্ষিণ শৰণীয়া গান্ধীমণ্ডপৰ জৰাজীর্ণ পথে জীয়াতু ভোগাইছে পথচাৰীক৷ অতি স্ত অঞ্চলৰ পথছোৱাত এজাক ৰষুণ দিলেই একাংশ অঞ্চলত পানী জমা হোৱাত যাতায়াত বিঘ্নিত হৈ পৰে৷

পথটোৰ প্রায় ৭ কিলোমিটাৰ পথৰ ঠায়ে ঠায়ে প্রকাণ্ড গাঁতৰ সৃষ্টি হৈছে৷ পথৰ কাষত নলা নির্মাণ কৰা হৈছে যদিও পথছোৱাতকৈও হু ওখ বাবে পথৰ পানী নলাত সোমাব নোৱাৰে৷ আৱর্জনাৰে ভৰি পৰিছে এই নলাসমূহ৷ বিগত ৪–৫ ছৰ ধৰি নলা নিষ্কাশন নকৰাৰ অভিযোগ উত্থাপন কৰে একাংশ স্থানীয় ৰাইজে৷ ইয়াৰ বাবে সামান্য এজাক বৰষুণ দিলে খলা–বমা ঠাই পানীৰে উপচি থাকে৷ এই পথছোৱাৰে দেশ-বিদেশৰ বিভিন্ন পর্যটকৰ লগতে বিভিন্ন স্কুল–কলেজৰ ছাত্র–ছাত্রী গান্ধী মণ্ডপ দর্শন কৰ্বিলৈ আহে৷ মহামানৱ মহত্মা গান্ধীৰ প্রতিমূর্তি থকা বাবে দর্শন কৰ্বিলৈ পথছোৱাৰে নিতৌ হু পথচাৰী যাতায়াত কৰে৷ ইয়াৰ সমান্তৰালভাৱে একাংশই পুৱতি নিশাৰ পৰা প্রাতঃভ্রমণ কৰ্বিলৈ আহি পথছোৱাৰ বাবে সমস্যাত পৰে৷

এইক্ষেত্রত গুৱাহাটী পৌৰ নিগম–গড়কাপ্টানী বিভাগৰ তৰফৰ পৰা কোনো পদক্ষেপ লোৱা নাই লি একাংশ স্থানীয় ৰাইজে অভিযোগ কৰে৷ মাত্র ২ অক্টোবৰৰ গান্ধীজয়ন্তী আহিলেহে পথছোৱা কিছু ৰংচঙীয়া কৰিয়ে অনুষ্ঠানটো সমাপ্ত কৰে৷ গান্ধীজয়ন্তী পাৰ হোৱাৰ দিনৰ পৰাই পথছোৱাৰ মেৰামতিৰ ৱস্থা গ্রহণ কৰা দেখ্বিলৈ পোৱা নাযায়৷ একাংশ ৰাইজৰ অভিযোগ পূবৰ কংগ্রেছ চৰকাৰৰ দিনতে সেই সময়ৰ গড়কাপ্টানী মন্ত্রী অজন্তা নেওগে পথছোৱাৰ নামত ৬ কোটি টকা আবণ্টন দিছিল৷ সেই ধনৰাশিৰে পথছোৱা নির্মাণ কৰা হয়৷ কিন্তু দুর্ভাগ্যৰ বিষয় এয়ে যে গান্ধীজয়ন্তী উপলক্ষে সেই সময়ৰ মুখ্যমন্ত্রী তৰুণ গগৈ আহ্বি লি নিশা অতি খৰখেদাকৈ ঠিকাদাৰে পথছোৱা নির্মাণ কৰিছিল৷ তাৰে একাংশ পথ নিশা নির্মাণ কৰা বাবেই হয়তো নলাতকৈ তলত থাকিল৷ ফলস্বৰূপে পথচাৰী তথা স্থানীয় ৰাইজে যাতায়াতৰ ক্ষেত্রত জীয়াতু ভুগিছে৷ সেয়েহে স্থানীয় লোকে শীঘ্রে পথছোৱা পুনর্নির্মাণ কৰাৰ লগতে পথৰ কাষত থকা জাবৰৰ দ’মসমূহ নিষ্কাশন কৰ্বিলৈ বিভাগীয় কর্তৃপক্ষৰ ওচৰত দাবী জনায়৷

You might also like