নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গামোচা বৈ স্বাৱলম্বী খানাপাৰাৰ দেৱজিৎ দাস

নিয়মীয়া বার্তা, ৪ মার্চঃ যি সময়ত এটা চৰকাৰী চাকৰি বিচাৰি লাখ লাখ নিবনুৱাই হাহাকাৰ কৰিছে ঠিক সেই সময়তে শিপিনী হৈ স্বাৱলম্বিতাৰ পথ দেখুৱাইছে গুৱাহাটীৰ এজন যুৱকে৷ খানাপাৰাৰ দেৱজিৎ দাস নামৰ এই যুৱকজনে ঘৰতে দুখনকৈ তাঁতশালত লগাইছে ৰিহা, মেখেলা, চাদৰ, গামোচা৷ নিজকে এজন আদর্শ শিপিনী হিচাপে প্রতিষ্ঠা কৰি দেৱজিতে উলিয়াইছে পৰিয়াল পোহপাল দিয়াৰ খৰচ৷ শৈশৱৰ পৰাই শিপিনী মাতৃ ইলা দাসৰ পৰা অনুপ্রাণিত হৈ সুদীর্ঘ ১০ বছৰ ধৰি তাঁতশালত ব্যস্ত হৈ আছে দেৱজিৎ৷ এইপর্যন্ত দেৱজিৎ দাসে নিজ হাতে প্রস্তুত কৰিছে পাট–মুগাৰ বহুযোৰা কাপোৰ৷ আনকি মহিলা শিপিনীৰ লেখিয়াকৈ যঁতৰত নিজ হাতে সূতা কটাতো পার্গত যুৱকজন৷ উল্লেখ্য যে ৰঙালী বিহুলৈ মাজত মাত্র কেইটামান দিন বাকী থকা অৱস্থাত যথেষ্ট ব্যস্ত হৈ পৰিছে শিপিনীগৰাকী৷ বিহুৰ বাবে কটন, মুগা, পাটৰ শতাধিক গামোচ প্রস্তুতৰ কামত ব্রতী হৈছে দেৱজিৎ৷ ইয়াৰ মাজতে খানাপাৰাৰ দেৱজিতলৈ অর্ডাৰ আহিছে ১০যোৰাতকৈ অধিক পাট–মুগাৰ যোৰাৰ ৷

You might also like