নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত অইলৰ সংৰক্ষণ ক্ষমতা দিৱস

গুৱাহাটী, ২০ জানুৱাৰীঃ ইন্ধন সংৰক্ষণ, পৰিৱেশ সংৰক্ষণ আৰু শক্তিৰ সঠিক ব্যৱহাৰ সন্দর্ভত সজাগতা সৃষ্টিৰ লক্ষ্যৰে অইল ইণ্ডিয়া লিমিটেডে আয়োজন কৰিছে সংৰক্ষণ ক্ষমতা মহোৎসৱ (সক্ষম)৷ ইয়াৰ লগত সংগতি ৰাখি দেওবাৰে মহানগৰীত আয়োজন কৰা হয় অইল সক্ষম চাইকেল দিৱস৷ এই দিৱসৰ জৰিয়তে ইন্ধন সংৰক্ষণৰ লগতে কম দূৰত্বৰ বাবে চাইকেল ব্যৱহাৰৰ বিষয়ে সজাগতা সৃষ্টিৰ চেষ্টা কৰা হয়৷

গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা পুৱা ৮.৩০ বজাত চাইকেল দিৱসৰ কার্যসূচীৰ শুভাৰম্ভণি কৰে অইল ইণ্ডিয়া লিমিটেডৰ পাইপলাইন সেৱাৰ কার্যবাহী সঞ্চালক সমীৰ কুমাৰ দাসে৷

এই উপলক্ষে তেওঁ কয় ‘মহানগৰীত চাইকেলৰ জনপ্রিয়তা ক্রমান্বয়ে বৃদ্ধি পাইছে৷ ইয়াৰ জৰিয়তে জনসাধাৰণৰ মাজত পৰিৱেশ সম্পর্কীয় সজাগতা সৃষ্টিত যথেষ্ট সুযোগ লাভ কৰিব পাৰি৷ সক্ষম গুৱাহাটী কার্যসূচীৰে চাইক্লিষ্টসকলক এক সুন্দৰ অভিজ্ঞতা প্রদান কৰিব বিচৰা হৈছে৷ ফিট ইণ্ডিয়াৰ সমান্তৰালকৈ এই চাইকেল ৰেলীয়ে গুৱাহাটীবাসীক সুস্থ জীৱনশৈলীৰ বাবে উৎসাহিত কৰিব৷’

আনহাতে, খেলো ইণ্ডিয়া য়ুথ গেমছত পদক লাভ কৰা অসম চাইক্লিষ্ট দলৰ সদস্য মনজ্যোতি টেৰন আৰু ৰিমাঞ্জু ৰয়ক অনুষ্ঠানত সম্বর্ধনা জ্ঞাপন কৰা হয়৷

You might also like