গুৱাহাটীত পুনৰ এসপ্তাহলৈ বৃদ্ধি লকডাউন, কি খোলা, কি বন্ধ?
নিয়মীয়া বাৰ্তা, ১১ জুলাইঃ গুৱাহাটীত পুনৰ এসপ্তাহলৈ বৃদ্ধি লকডাউন। ১২ জুলাইৰ পৰা ১৯ জুলাইৰ ৭ বজালৈ অব্যাহত থাকিব লকডাউন। ক’ৰোনাৰ গণ সংক্ৰমণ ৰোধ কৰাৰ বাবে এই সিদ্ধান্ত। লকডাউনৰ নিৰ্দেশনা জাৰি কৰিলে ৰাজ্য়ৰ মুখ্য সচিবে। নিৰ্দেশনাসমূহ—
- এইসময়ছোৱাত অব্য়াহত থাকিব সকলো জৰুৰীকালীন সেৱা
- বিনা কাৰণত কোনো লোক ঘৰৰ পৰা ওলাব নোৱাৰিব
- কেৱল স্বাস্থ্যজনিত কাৰণতে বাহিৰলৈ ওলাব পাৰিব
- কোনো ব্যক্তিগত বাহন চলাচল কৰিব নোৱাৰিব
- সোমবাৰৰ পৰা শুকুৰবাৰলৈ খুলিব পাৰিব গেলামালৰ দোকান
- মাক্স, হেণ্ডগ্লোবছ ব্যৱহাৰ কৰিব লাগিব গ্ৰাহক–বিক্ৰেতাই
- পুৱা ৯ বজাৰ পৰা ৪ বজালৈ গেলামাল দোকান খোলাৰ অনুমতি
- ৰাজহুৱা যাতায়াত সেৱা বন্ধ
- সকলো চৰকাৰী–ব্যক্তিগত কাৰ্যালয় বন্ধ, বন্ধ থাকিব ব্যৱসায়িক প্ৰতিষ্ঠান
- বন্ধ থাকিব উদ্যোগ, বন্ধ থাকিব হোটেল, ৰেষ্টুৰেণ্ট, সকলো ধৰ্মীয় অনুষ্ঠান
- মৃতদেহ সৎকাৰ কৰাৰ সময়ত থাকিব পাৰিব মাত্ৰ ২০জন লোক
- ঘৰে ঘৰে ফল–মূল, শাক–পাচলি বিক্ৰীৰ অনুমতি
- পুৱা ৮ বজাৰ পৰা বিয়লি ২ বজালৈকে এই অনুমতি
- এসপ্তাহত ৪ দিনকৈ খুলিব পাৰিব বেকাৰী
- মঙলবাৰৰ পৰা শুকুৰবাৰলৈ বেকাৰী খোলাৰ অনুমতি
- অত্যাৱশ্যকীয় সামগ্ৰী আৰু ফল–মূল, শাক–পাচলিৰ ক্ষেত্ৰত ই কৰ্মাছৰ অনুমতি
- খোলা থাকিব পেট্ৰল ডিপো, ঘৰে ঘৰে যোগান ধৰা হ’ব চিলিণ্ডাৰ