গুৱাহাটীত ৰাজহুৱা সা–সম্পত্তি ধ্বংসৰ প্রতিবেদন দাখিলৰ নির্দেশ ডিচিৰ
নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন (কা) প্রত্যাহাৰৰ দাবীত চলা আন্দোলনৰ গইনা লৈ একাংশ লোকে হিংসাত্মক কার্যকলাপ চলাই গুৱাহাটী মহানগৰীৰ বহু ৰাজহুৱা সম্পত্তি ধ্বংস কৰে ৷
প্রতিবাদৰ নামত চলা হিংসাত্মক কার্যত কিমান ৰাজহুৱা সা–সম্পত্তি ধ্বংস হ’ল, তাৰ সঠিক তথ্য বিচাৰি শেহতীয়াকৈ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে গড়কাপ্টানী বিভাগ, পৌৰ নিগম, এপিডিচিএল, আৰক্ষী, অগ্ণিনির্বাপক বাহিনীকে ধৰি বিভিন্ন বিভাগক ক্ষয়–ক্ষতিৰ প্রতিবেদন দাখিলৰ নির্দেশ জাৰি কৰে ৷
বিভাগসমূহে ক্ষয়–ক্ষতিৰ প্রতিবেদন এতিয়ালৈকে দাখিল কৰা নাই যদিও গড়কাপ্টানী বিভাগে প্রায় ১.১৬ কোটি, জিএমচিয়ে ১.২৫ লাখ টকাৰ সম্পত্তি ধ্বংস হোৱা বুলি ‘নিয়মীয়া বার্তা’ক জানিবলৈ দিছে ৷
‘কা’ প্রত্যাহাৰৰ দাবীত চলা আন্দোলনত গুৱাহাটী মহানগৰীত কিমান ৰাজহুৱা সম্পত্তি ধ্বংস হ’ল, তাৰ তথ্য দুই–এদিনৰ ভিতৰতে বিভাগসমূহে জিলা উপায়ুক্তক দাখিল কৰিব বুলি জানিবলৈ দিছে ৷