নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীৰ তিনি স্থানত চাইকেল ট্রেকৰ প্রকল্প

নিয়মীয়া বাৰ্তা ২৮ ফেব্ৰুৱাৰীঃ গাড়ী আৰু বাইকৰ পিছত এইবাৰ গুৱাহাটী মহানগৰীত চাইকেল শ্বেয়াৰিঙৰ ব্যৱস্থা৷ শীঘ্রেই মহানগৰীত আৰম্ভ হ’ব চাইকেল শ্বেয়াৰিঙৰ ব্যৱস্থা৷ প্রতি ঘণ্টাত মাত্র ১০ টকাৰ বিনিময়ত চাইকেল আৰোহীয়ে লাভ কৰিব এই সুবিধা৷ গুৱাহাটী মহানগৰ উন্নয়ন প্রাধিকৰণৰ অধীনত অটল মিছন ফৰ ৰেজুভেনেচনে চাইকেল ড্রেকৰ কাম আৰম্ভ কৰিব৷ এই প্রকল্পৰ মুঠ বাজেট হৈছে ৩ কোটি টকা৷ মহানগৰীত চাইকেল আৰোহীৰ বাবে মহানগৰীত চাইক্লিং কৰাটো অসুবিধাৰ সন্মুখীন হোৱাত ব্যৱস্থা গ্রহণ কৰা হৈছে৷ গুৱাহাটীৰ দক্ষিণ গাঁওত এটা চাইকেল ড্রেক মুকলি কৰাৰ পিছতে চাইকেল শ্বেয়াৰিঙৰ প্রকল্পটোৰ নিবিদা মুকলি কৰিছে৷ প্রথম পর্যায়ত এই ব্যৱস্থা গুৱাহাটীৰ অভিযান্ত্রিক প্রতিষ্ঠান, চিৰিয়খানা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আৰম্ভ হ’ব৷ মুঠ ৩০০ খন চাইকেলেৰে আৰম্ভ হ’বলগীয়া এই আঁচনিৰ এখন চাইকেলৰ মূল্য হ’ব ৬০ হাজাৰ টকা পর্যন্ত৷ উন্নতমানৰ চাইকেলত থাকিব জি পি এছ৷ জুন মাহৰ ভিতৰত মুকলি কৰা হ’ব এই ব্যৱস্থা৷ ভাৰতৰ প্রায় ৰাজ্যত এনেধৰণৰ ব্যৱস্থা আছে যদিও গুৱাহাটীত নথকাৰ বাবে এনেধৰণৰ পদক্ষেপ গ্রহণ কৰিছে জি এম ডিয়ে৷ দৈনিক বৃদ্ধি পোৱা প্রদূষণ সমস্যা ৰোধৰ বাবে এই চাইকেল শ্বেয়াৰিঙে বিশেষভাৱে প্রভাৱ পেলাব৷

You might also like