গুৱাহাটীৰ প্রান্তে প্রান্তে দেৱালীৰ জুৱা
নিয়মীয়া বাৰ্তা ৫ নৱেম্বৰ: পোহৰৰ উৎসৱ দীপান্বিতা আৰু শ্রীশ্রীকালী পূজাৰ অচিলা লৈ গুৱাহাটী মহানগৰীৰ পশ্চিম প্রান্তত মুকলিভাৱে চলি থকা জুৱাই সচেতন মহলৰ মাজত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ অসম আৰক্ষীৰ আইন–শৃংখলা শাখাৰ বিশেষ আৰক্ষী সঞ্চালকপ্রধানগৰা জুৱাৰীৰ বিৰুদ্ধে কঠোৰ হ’বলৈ স্থানীয় থানাসমূহক নির্দেশ দিয়াৰ পিছতো গুৱাহাটী মহানগৰীৰ পশ্চিম প্রান্তত স্থানীয় আজাৰা আৰক্ষীৰ ছত্রছায়াতেই অতি গোপনে চলি আছে কেইবাখনো লাখটকীয়া জুৱা৷
উল্লেখ্য যে অসম আৰক্ষীৰ এনে নির্দেশনা কার্যত পৰিণত কৰিবলৈ আজাৰা আৰক্ষীয়ে কালি নিয়মমাফিক আজাৰা থানাৰ অন্তর্গত কেইবাখনো জুৱাৰ পৰা পাঁচজনকৈ জুৱাৰীক আটক কৰে৷ জানিব পৰা মতে, ধাৰাপুৰ জংগৰাবৰীৰ ৰিপন দাস, ধাৰাপুৰ মিলনপাৰাৰ সীমান্ত কলিতা, ধাৰাপুৰ মাজৰ বাহাৰৰ দীপক কলিতা, খানামুখৰ সুকুমাৰ কলিতা আৰু আগছিয়াৰ বিপুল বৈশ্যক কালি সন্ধিয়া জুৱা খেলি থকা অৱস্থাত আটক কৰি থানালৈ লৈ যায়৷ কিন্তু অতি আশ্চর্যজনক কথা এই যে আগছিয়াৰ বিপুল বৈশ্যৰ বাদে অইন চাৰিজনক আজি আদালতত হাজিৰ কৰি জে’ললৈ প্রেৰণ কৰে৷ তেনে ক্ষেত্রত স্থানীয় সচেতন মহলৰ মাজত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷
এই সন্দর্ভত প্রাপ্ত অভিযোগ মতে আগছিয়া অঞ্চলৰ মুন নামৰ এজন প্রতিষ্ঠিত জুৱাৰীৰ পৰা প্রায় দুই লাখ টকা লৈ বিপুল বৈশ্য নামৰ জুৱাৰীজনক জে’ললৈ প্রেৰণ নকৰিলে আজাৰা আৰক্ষীয়ে৷ সম্প্রতি সমগ্র ঘটনাটোৱে আজাৰা–ধাৰাপুৰ অঞ্চলত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি কৰাৰ লগতে আজাৰা আৰক্ষীৰ এনে ভূমিকাক গৰিহণা দিছে৷ আজাৰা থানাৰ অন্তর্গত ভট্টাপাৰাৰ মনসা মন্দিৰৰ কাষেৰে যোৱা মূল পথটোৰ মূৰত এখন লাখ টকীয়া জুৱা চলি আছে৷ টকা শেষ হ’লে গুগল পে’ অথবা ফোন পে’ কৰি দিলে নগদ ধন লোৱাৰ ব্যৱস্থা আছে৷ আজাৰা আৰক্ষীয়ে বৃহৎ অংকৰ ধন লৈ জুৱা চলাই থাকিবলৈ দিয়া বুলি এক ৰাজহুৱা গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷