নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীৰ সকলো ভাড়াঘৰত চলিব আৰক্ষীৰ অভিযান

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ গুৱাহাটী মহানগৰীত উদ্বেগজনকভাৱে বৃদ্ধি পোৱা চুৰি–ডকাইতিকে ধৰি নানান অপৰাধমূলক ঘটনা ৰোধ কৰাৰ বাবে তৎপৰ হৈ পৰিছে অসম আৰক্ষী ৷ অসম তথা উত্তৰ–পূর্বাঞ্চলৰ ব্যৱসায়–বাণিজ্যৰ প্রধান কেন্দ্রস্থল তথা ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত বসবাস কৰা লোকসকলৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা প্রদানৰ বাবে নৱনিযুক্ত আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই কেতবোৰ পদক্ষেপ গ্রহণ কৰিছে ৷ মঙলবাৰে গুৱাহাটী জিলা পুথিভঁৰালত মহানগৰ আৰক্ষী আয়ুক্ত, গুৱাহাটীৰ আটাইকেইখন থানাৰ ভাৰপ্রাপ্ত বিষয়া আৰু নাগৰিক সমিতিৰ বিষয়ববীয়া আৰু সদস্যসকলৰ লগত আৰক্ষী সঞ্চালকপ্রধান গৰাকী এক বৈঠকত মিলিত হয় ৷

এই বৈঠকত আৰক্ষী আৰু জনসাধাৰণৰ মাজৰ সম্পর্ক অধিক সুদৃঢ় কৰা আৰু মহানগৰীৰ থানাসমূহৰ অন্তর্গত অঞ্চলসমূহত অপৰাধজনিত কার্যকলাপ ৰোধ কৰাৰ বাবে কেনেধৰণে আগবাঢ়িব সেই সন্দর্ভত বিস্তৃতভাৱে আলোচনা কৰাৰ লগতে দিহা–পৰামর্শ গ্রহণ কৰে ৷ বৈঠকৰ অন্তত আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই মহানগৰীৰ বিভিন্ন স্থানত ভাৰাতীয়া হিচাপে থকা লোকসকলৰ সত্যাসত্য নিৰূপণ কৰাৰ বাবে শীঘ্রে নাগৰিক সমিতি আৰু স্থানীয় আৰক্ষীৰ সহযোগত ভাৰাতীয়াৰ তথ্য সংগ্রহ কৰিব ৷ বিশেষকৈ সাতগাঁও, গড়চুক, হাতীগাঁও আৰু গীতানগৰ থানাৰ অন্তর্গত এলেকাসমূহত অহা তিনি মাহৰ ভিতৰত ভাৰাতীয়াৰ সবিশেষ তথ্য মহানগৰ আৰক্ষীয়ে যুগুতাই উলিয়াব বুলি আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই জানিবলৈ দিয়ে ৷

তদুপৰি, গুৱাহাটীৰ যান–জঁটৰ সমস্যা সমাধান আৰু যাতায়াত ব্যৱস্থা অধিক সুচল কৰাৰ বাবে নাগৰিক সমিতিৰ সহযোগত স্বেচ্ছাসেৱক নিয়োজিত কৰা হ’ব ৷ প্রথম পর্যায়ত তিনি মাহৰ বাবে পৰীক্ষামূলকভাৱে মহানগৰীৰ কেইবাখনো থানা এলেকাত নাগৰিক সমিতিয়ে বাছনি কৰা স্বেচ্ছাসেৱক নিয়োজিত কৰা হ’ব ৷ যদিহে এই প্রক্রিয়াই সুচল যাতায়াত ব্যৱস্থা মহানগৰবাসীক দিব পাৰে, তেন্তে ভৱিষ্যতে ইয়াক সম্পূর্ণ ৰূপত কার্যকৰী কৰা হ’ব ৷ আৰক্ষী সঞ্চালকপ্রধান মহন্তই মহিলা আৰু শিশু সম্পর্কীয় গোচৰসমূহ ক্ষিপ্রতাৰে নিষ্পত্তিকৰণৰ বাবে বিশেষ ব্যৱস্থা গ্রহণ কৰা বুলি জানিবলৈ দিয়ে ৷

মহানগৰীত উদ্বেগজনকভাৱে বৃদ্ধি পোৱা অপৰাধজনিত ঘটনাৰ উপৰি অসামাজিক কার্যকলাপ, নিচাযুক্ত দ্রব্যৰ প্রচলন আদিৰ বিৰুদ্ধে নাগৰিক সমিতিসমূহক সবল ভূমিকা গ্রহণ কৰিবলৈ আহ্বান জনায় ৷ আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্রধান এল আৰ বিষ্ণই, আৰক্ষী আয়ুক্ত মুন্নাপ্রসাদ গুপ্তা, উপ–মহাপৰিদর্শক দিগন্ত বৰা, যুটীয়া আৰক্ষী আয়ুক্ত দেৱৰাজ উপাধ্যায়কে ধৰি কেইবাগৰাকীও উচ্চপদস্থ আৰক্ষী বিষয়া উপস্থিত থাকে ৷

You might also like