নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী ষ্টেচনত বিদেশী চিগাৰেটসহ ২জনক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা ৩ মাৰ্চঃ গুৱাহাটী ৰে’ল ষ্টেচনত সোমবাৰে আৰপিএফৰ এটা দলে অভিযান চলাই বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেট জব্দ কৰাৰ লগতে দুজন সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰে৷ আৰক্ষীসূত্রে জানিব পৰা মতে, ধৃত সৰবৰাহকাৰী দুজনে চিগাৰেটখিনি ৰাজধানী এক্সপ্রেছযোগে দিল্লীলৈ নিয়াৰ পৰিকল্পনা কৰিছিল৷ আৰক্ষীয়ে গোপন সূত্রৰ পম খেদি ৰাজধানী এক্সপ্রেছৰ বি–৩ নম্বৰ দবাৰ পৰা চিগাৰেটভর্তি ছয়টা প্লাষ্টিকৰ বেগ জব্দ কৰাৰ লগতে এগৰাকী মহিলাসহ এজন বিশেষভাৱে সক্ষম লোকক গ্রেপ্তাৰ কৰে৷ আৰক্ষীয়ে জব্দ কৰা মুঠ ১ লাখ ৩২ হাজাৰ ৪০০ চিগাৰেটৰ বজাৰমূল্য প্রায় ১৩ লাখ ২৪ হাজাৰ টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷ ঘটনা সন্দর্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷ উল্লেখ্য যে একাংশ অসাধু চক্রই ৰে’লযোগে গুৱাহাটীৰ পৰা বহিঃৰাজ্যলৈ চোৰাং সামগ্রী কঢ়িয়াই আহিছে৷

You might also like