গৃহবন্দী কেব চালকৰ পৰিয়ালসহ অভিনৱ প্রতিবাদ
নিয়মীয়া বাৰ্তা, ১৮ মে’: গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্রান্তৰ ক’ৰোনা মহামাৰীৰ সময়ত সমস্যাত ভোগা কেব চালকসকলক আর্থিক সাহায্য প্রদানৰ লগতে বাহনৰ মাহেকীয়া ঋণ আৰু নথি–পত্র নবীকৰণৰ ক্ষেত্রত বিশেষ ৰেহাই দিয়াৰ দাবীত সোমবাৰে কেব চালকসকলে ঘৰৰ ভিতৰত থাকিয়েই প্রতিবাদ সাব্যস্ত কৰে৷
অল ইণ্ডিয়া ৰোড ট্রেন্সপ’ট ৱার্কার্ছ ফেডাৰেচনৰ উদ্যোগত অল আসাম কেব অ’পাৰেটর্ছ ইউনিয়নকে ধৰি মটৰ শ্রমিকসকলৰ লগতে বিভিন্ন সংগঠনৰ সদস্যসকলে কালি নিজ নিজ বাসগৃহৰ পৰা হাতে হাতে বিভিন্ন বেনাৰ, প্লেকার্ড লৈ প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে৷ প্রতিবাদী কার্যসূচীত মটৰ শ্রমিকসকলে ‘হয় আমাক সাহায্য দিয়ক, নহয় আমাক গুলীয়াই মাৰক, পেট্র’ল–ডিজেলৰ দামবৃদ্ধি হ্রাস কৰক, নথি–পত্র নবীকৰণৰ ক্ষেত্রত ৰেহাই দিয়ক, ক’ৰোনা মহামাৰীত ক্ষতিগ্রস্ত মটৰ শ্রমিকসকলক সাহায্য দিয়ক’ আদি শ্লোগানেৰে প্রতিবাদ সাব্যস্ত কৰে৷ এই সন্দর্ভত অল আসাম কেব অ’পাৰেটর্ছ ইউনিয়নৰ সভাপতি ইছমাইল আলীয়ে কয় যে ২০২০ চনতে মটৰ শ্রমিকসকলে ক’ৰোনা মহামাৰীত ক্ষতিগ্রস্ত শ্রমিকসকলক সাহায্য প্রদান কৰাৰ লগতে আঁচনি প্রস্তুত কৰাৰ কাৰণে দাবী জনাই আহিছে যদিও চৰকাৰে মটৰ শ্রমিকসকলক হেমাহি কৰি থকা পৰিলক্ষিত হৈছে৷
বিশ্বজুৰি খাৰুৱা তেলৰ মূল্য হ্রাস হোৱা সত্ত্বেও আমাৰ ভাৰতবর্ষত পেট্ৰ’ল আৰু ডিজেলৰ দামবৃদ্ধি হৈয়েই আছে৷ ফলস্বৰূপে সাধাৰণ জনতাৰ অৱস্থা প্রতিনিয়ত বেয়াৰ দিশে গতি কৰিছে৷ জনসাধাৰণক সকাহ দিব নোৱাৰা তথা সাধাৰণ কৃষক–শ্রমিক আৰু মটৰ শ্রমিকৰ ঋণ ৰেহাই দিব নোৱাৰা চৰকাৰে কেইটামানবৃহৎ পুঁজিপতি গোষ্ঠীক ৬,৮০০ কোটি ঋণ ৰেহাই দিয়াটো পৃথিৱীৰ ভিতৰতে এক নজিৰবিহীন ঘটনা৷
কেন্দ্রীয় তথা ৰাজ্য চৰকাৰে দেশৰ সাধাৰণ জনতাক সময়ে সময়ে দি অহা প্রতিশ্রুতিসমূহ পালনত ব্যর্থ হোৱাৰ সমন্তৰালভাৱে বিভিন্ন ক্ষেত্রত মটৰ শ্রমিকসকলক আর্থিক সাহায্য প্রদানৰ যি প্রতিশ্রুতি দিছিল সেয়া কার্যক্ষেত্রত ৰূপায়ণ কৰা দেখা নগ’ল৷ তদুপৰি যোৱা ২০২০ চনৰ মার্চ মাহৰ পৰা চলি থকা লকডাউনৰ পৰিপ্রেক্ষিতত সকলো বাণিজ্যিক বাহন বন্ধ হৈ থকাৰ ফলত বাহনসমূহৰ উকলি যোৱা নথি–পত্রসমূহৰ নবীকৰণৰ বাবে ডিচেম্বৰ ২০২০ ধার্য কৰি দিছিল৷ সেয়া আমাৰ বাবে যথেষ্ট নাছিল, কাৰণ লকডাউন খুলি দিলেও দেশলৈ স্বাভাৱিক অৱস্থা ঘূৰি অহা নাছিল৷ ইয়াৰ উপৰি আমাৰ উপার্জনৰ পথ বন্ধ হৈ থকাৰ ফলত বেংকৰ ঋণ মাহিলি কিস্তি আদায় দিব পৰা নাই৷ সেয়েহে নৱনির্বাচিত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক এইক্ষেত্রত বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ মটৰ শ্রমিকসকলে আহ্বান জনাইছে৷