নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চকর্দোত আজি বিশ্ব পৰিৱেশ দিৱস, মুখ্যমন্ত্রীৰ বৃক্ষৰোপণ

নিয়মীয়া বাৰ্তা, ৫ জুনঃ দেশজুৰি চলি থকা লকডাউনৰ মাজতে অসম চৰকাৰৰ বন আৰু পৰিৱেশ বিভাগৰ উদ্যোগত আজি ৰাজ্যজুৰি বিশ্ব পৰিৱেশ দিৱস পালনৰ আয়োজন কৰা হৈছে৷ অৱশ্যে ক’ভিড–১৯ৰ পৰিপ্রেক্ষিতত এইবেলি প্রথমবাৰৰ বাবে অনুষ্টুপীয়াকৈ বিশ্ব পৰিৱেশ দিৱস পালন কৰা হ’ব৷ এই উপলক্ষে মহানগৰীৰ দীপৰ বিলৰ পাৰৰ চকর্দো মিকিৰপাৰাত থকা ৰাণী বনাঞ্চলিক বিষয়াৰ কার্যালয়ৰ অধীনৰ নার্ছাৰী চৌহদত গছপুলি ৰোপণ কৰি বিশ্ব পৰিৱেশ দিৱসৰ কার্যসূচীৰ শুভাৰম্ভ কৰিব মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷

কার্যসূচীত বন আৰু পৰিৱেশ মন্ত্রী পৰিমল শুক্লবৈদ্য, বিভাগটোৰ প্রধান মুখ্য বন সংৰক্ষক আৰু বন বাহিনীৰ মুৰব্বী এ এম মিশ্রকে ধৰি বন বিভাগৰ শীর্ষ বিষয়াসকল উপস্থিত থাকিব ।

You might also like