নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চন্দ্রপুৰত বন্ধ শিল কোৱেৰী পুনৰ মুকলিৰ চেষ্টা

ব্যৱসায়ীৰে বন বিষয়াৰ মিতিৰালিৰ অভিযোগ

নিয়মীয়া বার্তা, ২৫ ফেব্রুৱাৰীঃ স্বয়ং মুখ্যমন্ত্রীয়ে বন্ধৰ নির্দেশ দিয়াৰ পিছতো বন অৰু খনি বিভাগৰ একাংশ বিষয়াৰ তৎপৰতাত পুনৰ খোলাৰ যো–জা চলিছে চন্দ্রপুৰৰ শিল কোৱেৰী৷ জানিব পৰা মতে, মুখ্যমন্ত্রীৰ অজ্ঞাতে সংশ্লিষ্ট বিভাগ দুটাৰ একাংশ বিষয়াই অতি গোপনে বিগত কেইবাদিন ধৰি অঞ্চল পৰিদর্শন কৰি পুনৰ খোলাৰ বাবে তৎপৰতা আৰম্ভ কৰা পৰিলক্ষিত হৈছে৷ উল্লেখ্য যে এগৰাকী প্রভাৱশালী ব্যৱসায়ীয়ে প্রায় দুবছৰ পূর্বে চন্দ্রপুৰত শিল কোৱেৰী খোলাৰ অনুমতি লাভ কৰিছিল৷ অনুমতি লাভ কৰাৰ পিছতে বিভাগীয় কিছু বিষয়াৰে গোপনে বুজাবুজি কৰি উচ্চ প্রাবল্যৰ বিস্ফোৰকৰ সহায়ত বিস্ফোৰণ ঘটোৱাৰ ফলত কেইবাখনো গাঁৱৰ বহু পৰিয়ালৰ পকী ঘৰত ছিঁৰাল ফাট মেলে৷ তাৰ পিছতে নিকটৱর্তী ২নং চন্দ্রপুৰ, তাঁতিমাৰা, শিঙিমাৰী, চন্দ্রপুৰ বাগিচা গাঁওসভা অৰু চন্দ্রপুৰস্থিত ডনবস্ক’ স্কুল কর্তৃপক্ষই ২০১৮ চনৰ মে’ মাহতে বনমন্ত্রীৰ উপৰি বন বিভাগৰ ঊর্ধ্বতন কর্তৃপক্ষক কেইবাশ পৰিয়ালৰ ক্ষয়–ক্ষতিৰ খতিয়ানসহ কোৱেৰীটো বন্ধ কৰিবলৈ দাবী জনাই স্মাৰক–পত্র প্রদান কৰিছিল৷ পুঁজিপতি ব্যৱসায়ীগৰাকীয়ে পুনৰ অধিক প্রাবল্যৰ বিস্ফোৰণ ঘটাবলৈ আৰম্ভ কৰে৷ ফলত স্থানীয় ৰাইজৰ বিস্তৰ ক্ষতি হোৱাৰ উপৰি চন্দ্রপুৰস্থিত কৃষ্ণগুৰু শাখা সেৱাশ্রমৰ মণিকূটত ফাট মেলে৷ তেতিয়াই স্থানীয় ৰাইজৰ উপৰি চন্দ্রপুৰ আঞ্চলিক উন্নয়ন সমিতি আৰু আশ্রম কর্তৃপক্ষই মুখ্যমন্ত্রীক বিষয়টো অৱগত কৰায়৷ তাৰ পিছতে তাৎক্ষণিকভাৱে শিল কোৱেৰীটো বন্ধ কৰাৰ বাবে বন বিভাগক নির্দেশ দিয়ে মুখ্যমন্ত্রীয়ে৷ মুখ্যমন্ত্রীৰ নির্দেশ পায়ে পি চি চি এফ, এ চি এফকে ধৰি বিভাগটোৰ উচ্চপদস্থ বিষয়াসকলে চৰজমিন তদন্ত কৰি কোৱেৰীটো বন্ধ কৰি দিয়াৰ উপৰি ব্যৱহাৰ কৰা সকলো সামগ্রী উলিওৱাৰ নির্দেশ দিয়ে ব্যৱসায়ীগৰাকীক৷ তেতিয়াৰে পৰা বিগত প্রায় ছমাহ বন্ধ হৈ থাকে৷ শেহতীয়াকৈ ধনবল ব্যৱহাৰ কৰি ব্যৱসায়ীগৰাকীয়ে সংশ্লিষ্ট বিভাগৰ বিষয়াসকলক মেনেজ কৰি কোৱেৰীটো খোলাৰ চেষ্টা অব্যাহত ৰাখে৷ জানিব পৰা মতে, ব্যৱসায়ীজনৰ আঙুলিৰ টিপতে খনি আৰু বন বিভাগৰ একাংশ বিষয়াই একাধিকবাৰ গোপনে কোৱেৰী এলেকা পৰিদর্শন কৰিবলৈ আহে৷ যোৱা ১০ জানুৱাৰীত ব্যৱসায়ীগৰাকীৰ তৎপৰতাত গোপনে খনি বিভাগৰ দল এটাই পৰিদর্শন কৰি যোৱাৰ পিছত বিগত দুদিন ধৰি বন বিভাগৰ ফালৰ পৰাও সংগোপনে পৰিদর্শন কৰি যায়৷ প্রাপ্ত তথ্য অনুসৰি, ১৯ ফেব্রুৱাৰীত এ চি এফ মনোজ গোস্বামীয়ে পৰিদর্শন কৰি যোৱাৰ পিছত কালি নিশাৰ ভাগত গোপনে কোৱেৰী এলেকাটো পৰিদর্শন কৰে গুৱাহাটী সংমণ্ডলৰ বনাঞ্চলিক বিষয়াই৷ শেহতীয়াকৈ কোৱেৰীটো পুনৰ খোলাৰ বাবে তৎপৰতা আৰম্ভ কৰাৰ কথা জানিব পাৰি ক্ষুব্ধ হৈ পৰিছে অঞ্চলবাসী৷

You might also like