নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চন্দ্রপুৰত বিধৱা মহিলাক বলাৎকাৰ : অভিযুক্ত গৃহৰক্ষী জোৱান মিথুন দাসক জেললৈ প্রেৰণ

নিয়মীয়া বাৰ্তা, ৪ মে’ : ক’ৰোনা ভাইৰাছৰ বাবে ৰাজ্যত চলি থকা লকডাউনৰ সময়তে গুৱাহাটী মহানগৰীৰ চন্দ্রপুৰত এজন গৃহৰক্ষী জোৱানৰ কাণ্ডক লৈ তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ গৃহৰক্ষী জোৱানজনে এগৰাকী বিধৱা মহিলাক বলাৎকাৰ কৰি অন্তঃসত্ত্বা কৰা ঘটনাই সমগ্র অঞ্চলটোতে তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে, প্রাগজ্যোতিষপুৰ থানা এলেকাৰ পাণবাৰী গাঁৱৰ বাসিন্দা দুই সন্তানৰ পিতৃ মিথুন দাসে গাঁওখনৰে এগৰাকী বিধৱা মহিলাৰ মাটিৰ সমস্যা সমাধান কৰি দিয়াৰ প্রলোভনেৰে বলপূর্বকভাৱে শাৰীৰিক সম্পর্ক গঢ়ি তোলে ৷ বিধৱা মহিলাগৰাকী অন্তঃসত্ত্বা হোৱা ঘটনাটো স্থানীয় ৰাইজৰ দৃষ্টিগোচৰ হয় ৷ পিছত ৰাইজে মহিলাগৰাকীক সোধা–পোছা কৰাত প্রকৃত ঘটনা পোহৰলৈ আহে ৷ সমস্ত ঘটনা জানিব পাৰি ৰাইজে প্রাগজ্যোতিষপুৰ থানাত এখন এজাহাৰ দাখিল কৰে৷ আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ৩৭৬ ধাৰাত আৰু ৫৮/২০২০ নম্বৰত এক গোচৰ ৰুজু কৰি অভিযুক্ত আটক কৰাৰ বাবে অভিযান চলায় ৷ আৰক্ষীয়ে নিশা অভিযান চলাই পলাতক অৱস্থাত থকা লম্পট গৃহৰক্ষী জোৱান মিথুন দাসক বৰবিলা অঞ্চলৰ পৰা আটক কৰে ৷ ইপিনে, অভিযুক্ত মিথুন দাসক উপযুক্ত শাস্তি দি বিধৱা মহিলাগৰাকীক ন্যায় প্রদানৰ দাবী তুলিছে ৰাইজে ৷ দেওবাৰে অভিযুক্ত মিথুন দাসক জেল হাজোতলৈ প্রেৰণ কৰে ৷

You might also like