নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাবিপুল–বিলপাৰ পথৰ জৰাজীর্ণ অৱস্থা; ৰাইজৰ দুর্ভোগ

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ পূব গুৱাহাটী সমষ্টিৰ বিধায়ক তথা গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রী সিদ্ধার্থ ভট্টাচার্যৰ অদূৰদর্শিতাৰ বাবেই সমষ্টিটোৰ বহু বাট–পথৰ উন্নয়ন নহ’ল৷ বিধায়কগৰাকীৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই বছৰৰ পাছত বছৰ ধৰি চাবিপুল–বিলপাৰবা জৰাজীর্ণ পথেৰে যাতায়াত কৰি আহিবলগীয়া হৈছে৷ চাবিপুল–বিলপাৰ পথত বসবাস কৰা লোকসকলে দীর্ঘদিন ধৰি পথটো মেৰামতিৰ বাবে বিধায়ক তথা মন্ত্রী সিদ্ধার্থ ভট্টাচার্যক আবেদন–নিবেদন জনাই আহিছিল৷ কিন্তু স্থানীয় ৰাইজৰ অভিযোগৰ প্রতি কোনো গুৰুত্ব প্রদান নকৰাত জৰাজীর্ণ পথেৰে অঞ্চলবাসীয়ে যাতায়াত কৰি আহিবলগীয়া হৈছে৷ চাবিপুল–বিলপাৰ পথৰ নিৱাসীসকলে ‘নিয়মীয়া বার্তা’ক জানিবলৈ দিয়া মতে স্থানীয় ৰাইজে গাঁঠিৰ ধন ভাঙি পথটো মেৰামতি কৰি যাতায়াতৰ উপযোগী কৰি লৈছিল৷

গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষ, স্থানীয় বিধায়ক সিদ্ধার্থ ভট্টাচার্যক উক্ত পথটো মেৰামতি কৰিবৰ বাবে বহুবাৰ আবেদন জনাইছিল৷ কিন্তু জিএমচি কর্তৃপক্ষ আৰু বিধায়কগৰাকীয়ে এইক্ষেত্রত কোনো গুৰুত্ব প্রদান নকৰিলে৷ ইয়াৰ ফলত অঞ্চলবাসীয়ে জৰাজীর্ণ খলা–বমা পথেৰে যাতায়াত কৰি আহিবলগীয়া হৈছে৷ বাৰিষাতো দূৰৰে কথা, খৰালিও পথটোৰ বিভিন্ন স্থানত পানী জমা হৈ থকাৰ ফলত বোকা–পানী খচকিয়েই অঞ্চলবাসীয়ে যাতায়াত কৰি আহিছে৷ শীঘ্রে এই পথটো মেৰামতি কৰিবলৈ বিভাগীয় কর্তৃপক্ষক আহ্বান জনাইছে চাবিপুল–বিলপাৰ পথৰ আৱাসীসকলে৷

You might also like