নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০ জানুৱাৰীৰ পৰা মাহজোৰা কার্যসূচীৰে আৰম্ভ হ’ব পথ সুৰক্ষা সপ্তাহ

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ পথ দুর্ঘটনা প্রতিহত কৰাৰ উদ্দেশ্যে প্রতিবছৰ দৰে এইবাৰো ৰাজ্যৰ লগতে মহানগৰীত অনুষ্ঠিত হ’ব পথ সুৰক্ষা সপ্তাহ৷ চডক সুৰক্ষা জীৱন ৰক্ষা শ্লোগানেৰে অহা ২০ জানুৱাৰীৰ পৰা ১৭ ফেব্রুৱাৰীলৈ মহানগৰীত অনুষ্ঠিত হ’ব এই পথ সুৰক্ষা সপ্তাহ৷বুধবাৰে মহানগৰীৰ শ্রদ্ধাঞ্জলি কাননত শুভাৰম্ভ হ’ব এই পথ সুৰক্ষা সপ্তাহ৷ এই শুভাৰম্ভ অনুষ্ঠানৰ পাছতে শিক্ষার্থীসকলৰ মাজত পথ সুৰক্ষা সজাগতা বিষয়ক লৈ অনুষ্ঠিত হ’ব চিত্রাংকন প্রতিযোগিতা৷ ইতিমধ্যে পথ সুৰক্ষা সপ্তাহ সুচাৰুৰূপে সম্পূর্ণ কৰিবলৈ কামৰূপ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৰ নেতৃত্বত গঠন কৰা হৈছে এখন কমিটী৷

কামৰূপ জিলা পৰিবহণ বিভাগ, আৰক্ষী প্রশাসন, স্বাস্থ্য বিভাগ, গডকাপ্টানী বিভাগকে ধৰি বিভিন্ন বিভাগৰ সহযোগত চলিছে পথ সুৰক্ষা সপ্তাহৰ প্রস্তুতি৷ উল্লেখ্য যে যুৱপ্রজন্মৰ মাজত ভয়ংকৰ হাৰত বৃদ্ধি পোৱা বাইক ষ্টাণ্ট , গাডী চলাওঁতে ম’বাইল ব্যৱহাৰ কৰা, সুৰাপান কৰি বাহন চলোৱা, ছীটবেল্ট পৰিধান নকৰাকৈ বাহন চলোৱা আদি দিশসমূহ হ্রাস কৰাই অন্যতম উদ্দেশ্য হ’ব এইবাৰৰ পথ সুৰক্ষা সপ্তাহৰ৷ ইফালে, পথ সুৰক্ষা সপ্তাহৰ কার্যসূচী সফলভাৱে ৰূপায়ণ কৰিবলৈ সকলোৰে সহায়–সহযোগিতা বিচাৰিছে কামৰূপ জিলা পৰিবহণ বিষয়া গৌতম দাসে৷

You might also like