নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চালকৰ প্রতিবাদত উত্তাল বৰঝাৰ বিমানবন্দৰ

নতুন নীতি–নিয়মত ক্ষুব্ধ কেব অপাৰেটৰ ইউনিয়ন

নিয়মীয়া বাৰ্তা, ২৩ ফেব্রুৱাৰীঃ ৰাজ্য চৰকাৰৰ পৰিবহণ বিভাগে নিতৌ ন ন নিয়মেৰে চালক আৰু গৰাকীক হাৰাশাস্তি কৰি অহাৰ বিৰুদ্ধে শনিবাৰে বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰ চৌহদত তীব্র প্রতিবাদ সাব্যস্ত কৰে ৷ সদৌ অসম কেব অপাৰেটৰ ইউনিয়নকে ধৰি অ’লা–উবেৰ আৰু ব্যক্তিগত টেক্সিচালক আৰু গৰাকীসকলে বৰঝাৰ বিমানবন্দৰ চৌহদত পৰিবহণ বিভাগ হায় হায়, অসম চৰকাৰ হায় হায়, নিত্য নতুন নিয়ম প্রৱর্তন কৰি হাৰাশাস্তি কৰা বন্ধ কৰক, পৰিবহণ বিভাগ গ’ বেক আদি ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে ৷ প্রতিবাদকাৰীসকলে কয় যে অসম, অৰুণাচল আৰু মেঘালয়ত চলাচল কৰাৰ অনুজ্ঞাপত্র লৈ চালকসকলে গাড়ী চলাই আহিছে৷ কিন্তু পৰিবহণ বিভাগে মহানগৰীত গাড়ী চলাবলৈ হ’লে গুৱাহাটী মহানগৰীৰ অনুজ্ঞাপত্র দেখুওৱাৰ নতুন নিয়ম প্রৱর্তন কৰিছে৷ অন্যথা দহ হাজাৰৰ পৰা পোন্ধৰ হাজাৰ টকা পর্যন্ত জৰিমনা ভৰিব লাগে৷ অসমত চলাৰ অনুজ্ঞাপত্র থকাৰ পাছতো গুৱাহাটীত চলাচলৰ বেলেগ অনুজ্ঞাপত্রৰ কিয় প্রয়োজন বুলি চালক–মালিকসকলে প্রশ্ণ উত্থাপন কৰে৷ প্রতিবাদকাৰীসকলে আৰু কয় যে শিক্ষিত নিবনুৱাসকলে চৰকাৰী চাকৰিলৈ আশাপালি নাথাকি ধাৰ–ঋণ লৈ কিনা একোখন গাড়ীৰে নিজৰ লগতে পৰিয়ালো পোহপাল দি আহিছে৷ কিন্তু চৰকাৰে চালক–গৰাকীসকলক্ সহায় কৰাৰ সলনি পৰিবহণ বিভাগৰ হতুৱাই একো একোটা পৰিয়াল শেষ কৰাৰ ষড়যন্ত্র চলাইছে৷ প্রতিবাদকাৰীসকলে তীব্র ক্ষোভেৰে  কয় যে হয় আমাক জীয়াই থাকিবলৈ দিয়ক নহয় আমাক গুলীয়াই মাৰক৷ যদিহে চৰকাৰে চালকসকলৰ পক্ষে অতি শীঘ্রে কোনো সিদ্ধান্ত গ্রহণ নকৰে তেন্তে জংগী আন্দোলনৰ লগতে আত্মহত্যাৰ পথ বাছি ল’বলৈ বাধ্য হ’ব বুলি হুংকাৰ দিয়ে ৷

You might also like