চালক–হেণ্ডিমেনক পিপিই কিট পৰিবহণ বিভাগৰ
নিয়মীয়া বাৰ্তা, ২৬ মেঃ চতুর্থ পর্যায়ৰ লকডাউন চলি থকাৰ মাজতে পৰিবহণ বিভাগে বহিঃৰাজ্যৰ পৰা ৰে’ল আৰু বিমানেৰে অহা যাত্রীসকলক অনা–নিয়া কৰাৰ বাবে অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছকে ধৰি নিগমৰ অধীনৰ ব্যক্তিগত মালিকনাধীন বাছৰ চলাচল কৰি আছে৷ এই বাছৰ চালক, হেণ্ডিমেনসকলৰ সুৰক্ষাৰ বাবে নিগম কর্তৃপক্ষই গ্রহণ কৰিছে কেতবোৰ সুৰক্ষামূলক পদক্ষেপ৷ এই সন্দর্ভত ৰাজ্যিক পৰিবহণ নিগম কর্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক দ্বিজেন লহকৰে কয় যে বর্তমানৰ সময়খিনি অতি ভয়াৱহ সময়৷ দেশৰ বিভিন্ন ৰাজ্যৰ পৰা ৰে’ল, বাছ, বিমান বা অন্য বাহনেৰে গুৱাহাটীলৈ অহাৰ পিছত পৰিবহণ নিগমৰ বাছেৰে নিজ নিজ জিলা বা বিভিন্ন কোৱাৰেণ্টাইন চেণ্টাৰলৈ নিয়া হৈছে৷ বাছসমূহৰ চালক, হেণ্ডিমেনসকলৰ যাতে যাত্রীসকলৰ সৈতে প্রত্যক্ষ সংস্পর্শ নঘটে তথা তেওঁলোকে যাতে সুৰক্ষিত হৈ থাকিব পাৰে তাৰ বাবে প্রত্যেককে একোটাকৈ পি পি ই কিট প্রদান কৰা হৈছে৷ চালক, হেণ্ডিমেনসকলে কর্তব্যত যোগদান কৰাৰ সময়ত পি পি ই কিট পৰিধান কৰি কর্তব্য সমাপনৰ পিছত নিগম কর্তৃপক্ষই নির্ধাৰণ কৰি দিয়া স্থানত পি পি ই কিটসমূহ নিষ্কাশন কৰিব৷ বর্তমান নিগমৰ হাতত পাঁচ হাজাৰ পি পি ই কিট মজুত আছে৷ প্রয়োজন হ’লে পিছলৈ নিগম কর্তৃপক্ষই পুনৰ পি পি ই কিট মজুত কৰিব বুলি সাধাৰণ সম্পাদক লহকৰে জানিবলৈ দিয়ে৷