নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিত্তৰঞ্জন পাঠকৰ ‘দ্য এলিফেণ্ট গার্ল’ উন্মোচন

উদ্ভাসিত ৰিপু–কচুগাঁও বনাঞ্চলক লৈ চলা জনশ্রুতি

নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰঃ অবিভক্ত গোৱালপাৰা জিলাৰ ৰিপু আৰু কচুগাঁও সংৰক্ষিত বনাঞ্চলক লৈ স্বাধীনতাৰ পূর্বে অঞ্চলবাসীৰ মাজত চলা জনশ্রুতি ‘এলিফেণ্ট গার্ল’ক লৈ ইংৰাজী ভাষাত এখন সুন্দৰ উপন্যাস লিখি উলিয়াইছে এজন প্রবাসী অসমীয়াই৷

সাহিত্যাচার্য অতুল চন্দ্র হাজৰিকাৰ নাতি তথা অষ্ট্রেলিয়াৰ এটা বহুজাতিক কোম্পানীত কর্মৰত অভিযন্তা চিত্তৰঞ্জন পাঠকে লিখি উলিওৱা এই ৰহস্যধর্মী উপন্যাসখন শনিবাৰে আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়৷

এই উপলক্ষে লাখটকীয়াস্থিত দ্য ইনষ্টিটিউট অৱ ইঞ্জিনীয়ার্ছ ইণ্ডিয়াৰ অসম ৰাজ্যিক কার্যালয়ৰ প্রেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীর্যপূর্ণ সভাত ‘দ্য এলিফেণ্ট গার্ল’শীর্ষক উপন্যাসখন উন্মোচন কৰে পদ্মশ্রী অৰূপ কুমাৰ দত্তই৷

গ্রন্থখন উন্মোচন কৰি দত্তই কয় যে ইংৰাজী ভাষাত সাহিত্য চর্চা কৰা অসমীয়া লেখকৰ সংখ্যা তেনেই তাকৰ৷ কেইজনমান মুষ্টিমেয় লোকে ইংৰাজী ভাষাত সাহিত্য চর্চা কৰি আছে যদিও আজিৰে পৰা চিত্তৰঞ্জন পাঠকৰ নামটো সংযোজিত হ’ল৷ এটা জনশ্রুতিক লৈ ইংৰাজী ভাষাত লিখা এই উপন্যাসখনত অসমীয়া সমাজৰ ৰীতি–নীতি পৰম্পৰা বিষয়ে সূক্ষ্মভাৱে সুন্দৰকৈ উপস্থাপন কৰা হৈছে৷ গ্রন্থখন লিখাৰ পূর্বে লেখকে অবিভক্ত গোৱালপাৰা জিলাৰ ৰিপু আৰু কচুগাঁও সংৰক্ষিত বনাঞ্চল, স্বাধীনতাৰ পূর্বৰ সময়ছোৱাৰ ওপৰত গৱেষণা কৰি লিখি উলিওৱা এই উপন্যাসখন পাঠক সমাজে আদৰি ল’ব বুলি আশা প্রকাশ কৰে৷

You might also like