নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনৰ সামগ্ৰীৰে ফাকু নেখেলে মহানগৰবাসীয়ে

ব্যৱসায়ীয়েও বিক্ৰী কৰা নাই আমদানিকৃত ৰং

নিয়মীয়া বাৰ্তা, ৫ মাৰ্চঃ দেশজুৰি কৰ’ণা ভাইৰাছৰ আতংক। বৰ্তমানলৈকে কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে ৩০জনকৈ লোক। দেশজুৰি হেল্থ এলাৰ্ট জাৰি কৰা সময়তে প্ৰধানমন্ত্ৰী মোদীৰ  এটা বিশেষ টুইট। জনসমাগমৰ পৰা আঁতৰি এইবাৰ হোলী উদযাপন নকৰে মোদীৰ লগতে গৃহমন্ত্ৰী অমিত শ্বাহে।

      কৰ’ণা ভাইৰাছৰ আতংকই  কিছু পৰিমাণে ম্লান পেলাইছে হোলীৰ আনন্দ। মহানগৰীৰ বজাৰত গ্ৰাহকৰ সেৰেঙা উপস্থিতি। চীনৰ আমদানিকৃত ফাকু, ফিছকাৰী তথা বিভিন্ন মুখা বিচাৰি ভিৰ নাই মহানগৰীৰ বজাৰত। কৰ’ণা ভাইৰাছে ঘাতকৰ ৰূপ ধাৰণ কৰা চীনৰ সামগ্ৰীৰে এইবাৰ হোলী উদযাপন নকৰে মহানগৰবাসীয়ে। লগতে ব্যৱসায়ীয়েও বিক্ৰী নকৰে চীনৰ পৰা আমদানিকৃত সামগ্ৰী।

     কিন্তু এইবাৰ বৰপেটাত চাহিদা বাঢ়িছে থলুৱা ফাকুৰ। প্ৰাকৃতিকভাৱে পলাশ ফুলৰে তৈয়াৰ কৰা ফাকুৰ চাহিদা বৃদ্ধি পাইছে। প্ৰাকৃতিকভাৱে তৈয়াৰী ফাকুৰে হোলীৰ আনন্দ উপভোগ কৰিব ৰাজ্যবাসীয়ে।

You might also like