চোলাপাৰাত ৭৪ লাখ টকাসহ ৩ ব্যৱসায়ীক গ্রেপ্তাৰ
নিয়মীয়া বাৰ্তা,২৯ জুলাই: আন্তঃৰাষ্ট্রীয় ড্রাগছ সৰবৰাহকাৰী চক্রৰ অভিকেন্দ্র হৈ পৰিছে গুৱাহাটী মহানগৰী৷ গুৱাহাটীত বাহৰ পাতি এই সৰবৰাহকাৰী চক্রটোৱে চলাইছে ড্রাগছৰ ৰমৰমীয়া বেহা৷ দীর্ঘদিন ধৰি ড্রাগছৰ বেহা চলাই থকা এই চক্রটোৱে ক’ৰোনা মহামাৰীৰ জটিল সন্ধিক্ষণতো গুৱাহাটীত ড্রাগছৰ বেহা চলাই আহিছিল৷ ক্রাইম ব্রাঞ্চে লাভ কৰা তথ্যৰ ভিত্তিত আজি পল্টন বজাৰৰ চোলাপাৰাৰ কালাশিনী এপার্টমেণ্টত অভিযান চলাই আন্তঃৰাষ্ট্রীয় ড্রাগছ ব্যৱসায়ীৰ সৈতে জড়িত মহিলাসহ তিনি ব্যৱসায়ীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ক্রাইম ব্রাঞ্চে কালাশিনী এপার্টমেণ্টৰ চতুর্থ মহলাৰ এটা ফ্লেটত ড্রাগছ মজুত কৰি ৰখাৰ তথ্য লাভ কৰি আজি বিয়লি ৪ বজাৰ পৰা অভিযান চলাইছিল৷
ক্রাইম ব্রাঞ্চৰ অভিযানত ফ্লেটটোৰ পৰা নগদ ৭৪,০৫,৬০০ লাখ টকা জব্দ কৰিবলৈ সক্ষম হয়৷ অৱশ্যে অভিযানকাৰী দলটোৱে ফ্লেটটোৰ পৰা ড্রাগছ জব্দ কৰিবলৈ সক্ষম নহ’ল৷ আৰক্ষীয়ে ফ্লেটটোৰ পৰা মণিপুৰৰ লাইথংবাম সংগীতা ৰাণী দেৱী (৫৫), ছাম লাইথংবাম (৫৩) আৰু থাংখ’ ছাট (৩২) নামৰ ড্রাগছ ব্যৱসায়ীকেজনক গ্রেপ্তাৰ কৰাৰ লগতে এ এছ ০১ বি ডব্লিউ ৪৭২৫ নম্বৰৰ এখন বাহন জব্দ কৰিবলৈ সক্ষম হয়৷ অভিযানকাৰী দলটোৱে ফ্লেটটোত ড্রাগছৰ সন্ধানত প্রায় ৫ ঘণ্টা ধৰি অভিযান চলায়৷ আৰক্ষীৰ এক শীর্ষ সূত্রই জানিবলৈ দিয়া মতে সংগীতা ৰাণী দেৱী নামৰ মণিপুৰী মহিলাগৰাকীয়ে দীর্ঘদিন ধৰি গুৱাহাটীত ড্রাগছৰ ব্যৱসায় চলাই আহিছিল৷ পূর্বতেও ড্রাগছৰ ব্যৱসায় চলোৱাৰ অভিযোগত মহানগৰীৰ বশিষ্ঠ আৰক্ষীয়ে সংগীতা ৰাণীক গ্রেপ্তাৰ কৰিছিল৷ যোৱা ২৫ জুলাইত এই চক্রটোৱে বৃহৎ পৰিমাণৰ ড্রাগছ গুৱাহাটীত বিক্রী কৰাৰ কথা আছিল৷ উল্লেখ্য যে ভৰলুমুখ আৰক্ষীয়ে গ্রেপ্তাৰ কৰা তুষাৰ আলী নামৰ এজন ড্রাগছ ব্যৱসায়ীয়ে সংগীতা ৰাণীৰ পৰা ড্রাগছ ক্রয় কৰি মহানগৰীত ড্রাগছৰ ব্যৱসায় চলাই আহিছিল৷ সম্প্রতি ক্রাইম ব্রাঞ্চে ধৃত ড্রাগছ ব্যৱসায়ীকেইজনক জেৰা অব্যাহত ৰাখিছে৷