চৰা দামত ব্ৰইলাৰ মুৰ্গী বিক্ৰী ব্যৱসায়ীৰ
জিলা প্ৰশাসনৰ নিৰ্দেশনাক অংগুষ্ঠ মুনাফাখোৰ বিক্ৰেতাৰ
নিয়মীয়া বাৰ্তা ১৩ এপ্ৰিলঃ কামৰূপ(ম) জিলা প্ৰশাসনৰ নীতি-নিৰ্দেশনাক আংগুষ্ঠ প্ৰদৰ্শন কৰি মহানগৰীৰ বিভিন্ন প্ৰান্তত দেওবাৰে ব্ৰইলাৰ মুৰ্গী বিক্ৰী কৰা পৰিলক্ষিত হয়। একাংশ অসাধু ব্যৱসায়ীয়ে লকডাউনৰ মাজতে প্ৰশাসনে কুকুৰা মাংস বিক্ৰীৰ বাবে অনুমতি প্ৰদানৰ সুযোগ গ্ৰহণ কৰি নীতি বহিৰ্ভূতভাৱে মহনগৰীৰ ব্ৰইলাৰ মুৰ্গী বিক্ৰী কৰে। একেদৰে গ্ৰাহকসকলেও লকডাইনৰ নীতি উলংঘা কৰি ব্ৰইলাৰ মুৰ্গী ক্ৰয়ৰ বাবে উবুৰি খাই পৰা পৰিলক্ষিত হয়। বিশেষকৈ খাৰঘুলি, বেলতলা, শিৱমন্দিৰ সমীপত প্ৰশানৰ অনুজ্ঞাপ্ৰাপ্ত জাহিৰ আলী নামৰ ব্যৱসায়ীজনে ব্ৰইলাৰ মুৰ্গী বিক্ৰী কৰে। কুকুৰা বিক্ৰীৰ সময়ত ব্যৱসায়ী আলী আৰু তেওঁপ সহযোগী সকলে গ্ল’ভছ অথবা মাস্ক পৰিধান নকৰাকৈ মুকলিভাৱে মন্দিৰৰ সমীপত কুকুৰা বিক্ৰী কৰে। ইপিনে উক্ত স্থানত কুকুৰা ক্ৰয় কৰিবলৈ অহা শ শ গ্ৰাহকে সামাজিক দূৰত্ব বজাই নাৰাখি বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰে। কুকুৰা ব্যৱসায়ী আলীয়ে গ্ৰাহকৰ সমাগম দেখি উক্ত স্থানৰ পৰা উভতি যাবলৈ বাধ্য হয়। উল্লেখ্য যে জিলা প্ৰশাসনে মহানগৰীৰ ৩১টা ৱাৰ্ডৰ বাসিন্দাক কুকুৰাৰ মাংস যোগান ধৰাৰ বাবে ৩৫ গৰাকী-ব্যৱসায়ীক অনুমতি প্ৰদান কৰি ঘৰে ঘৰে গোটা ব্ৰইলাৰ আৰু ব্ৰইলাৰৰ কটা মাংস বিক্ৰী কৰাৰ নিৰ্দেশ দিছিল। প্ৰশাসনে আনকি অনুমতি প্ৰাপ্ত ব্যৱসায়ীসকলক গোটা ব্ৰইলাৰ প্ৰতি কিঃগ্ৰাঃত ১৫০টকা আৰু কটা ব্ৰইলাৰ প্ৰতি কিঃগ্ৰাঃ ২২০ টকাত বিক্ৰী কৰাৰ নিৰ্দেশ দিছিল। লকডাউনৰ নীতি উলংঘা নকৰাকৈ স্বাস্থ্য সন্মত পৰিৱেশত ঘৰে ঘৰে গৈ ব্যৱসায়ী সকলক মাংস যোগান কৰাৰ অনুমতি প্ৰদান কৰিছিল যদিও ব্যৱসায়ীসকলে পথৰ দাঁতিতে মাংস বিক্ৰী কৰে। আনহাতে একাংশ ব্যৱসায়ীয়ে প্ৰশাসনৰ অনুমতি অবিহনেও চোৰাং ভাৱে বেলতলা, পাঞ্জাবাৰী, বাঘৰবড়ি, ভেটাপাৰা, হাতীগাওঁ আৰু সাতগাঁৱকে ধৰি মহানগৰীৰ বিভিন্ন অঞ্চলত লকডাউন উলংঘা কৰি কলা বজাৰত মাংস বিক্ৰী কৰে।