নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছীল কৰা হ’ল মহানগৰীৰ হোটেল সুখমণি

নিয়মীয়া বাৰ্তা ৮ এপ্ৰিলঃ ত্ৰিপুৰাৰ ক’ৰোনা আক্ৰান্ত গীতাৰাণী কৰ্মকাৰ আছিল গুৱাহাটীৰ পল্টন বজাৰস্থিত হোটেল সুখমণিৰ কোঠাত। যোৱা মাৰ্চ মাহৰ ১৬ আৰু ১৮ তাৰিখে গীতাৰাণী
কৰ্মকাৰ হোটেলতে আছিল। যাৰ পৰিপেক্ষিত কামৰূপ(ম) জিলা প্ৰশাসেন আজি হোটেল খন ছীল কৰি দিয়ে।
উল্লেখ্য যে কৰ্মকাৰে কামাখ্যা ধামলৈ গৈ এজন পাণ্ডাৰ ঘৰতো নিশা কটাইছিল । কামাখ্যাৰ পাণ্ডা আৰু পৰিয়ালৰ লগতে হোটেলখনৰ কৰ্মচাৰীকো ৰখা হৈছে কোৱাৰেণ্টাইনত।

You might also like