নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জালুকবাৰীত ভস্মীভূত চলন্ত এম্বুলেঞ্চ

নিয়মীয়া বাৰ্তা, ২৩ ফেব্রুৱাৰীঃ যান্ত্রিক বিজুতিৰ বাবে শনিবাৰে নিশা জালুকবাৰীত এখন এম্বুলেঞ্চ জ্বলি ছাঁই হয় ৷ আৰক্ষী সূত্রে জানিব পৰা মতে, নিশা প্রায় ৯.৫০ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা শুৱালকুছি অভিমুখী এএছ–০১ এফচি–৭৫৯৬ নম্বৰৰ এম্বুলেঞ্চখন শৰাইঘাটৰ নতুন দলঙৰ সমীপত যান্ত্রিক বিজুতি ঘটে ৷ ফলত বাহনখনত জুই লগাত চালক আৰু এম্বুলেঞ্চত থকা ৰোগীৰ আত্মীয়ৰ কথমপি প্রাণৰক্ষা পৰে৷ শৰাইঘাটৰ দলঙৰ সমীপত বাহনখন ৰখাই চালকে ১০০ ডায়েল কৰি আৰক্ষীক অৱগত কৰাত ঘটনাস্থলীত আৰক্ষী আৰু অগ্ণিনির্বাপক বাহিনী উপস্থিত হয় যদিও আৰক্ষী লোক ঘটনাস্থলীত উপস্থিত হোৱাৰ পূর্বেই এম্বুলেঞ্চখন সম্পূর্ণ ভস্মীভূত হয়৷ উল্লেখ্য যে শুৱালকুছিৰ পৰা লৈ অহা এগৰাকী ৰোগীক জিএমচিএইচত নমাই থৈ এম্বুলেঞ্চখন উভতি যোৱাৰ সময়তে এই ঘটনা সংঘটিত হয় ৷

You might also like