জিএমচিত ব্যৱসায়িক অনুজ্ঞাপত্রৰ ছিণ্ডিকেট
ধনৰ বিনিময়ত নীতি–নিয়ম উলংঘা পৌৰ নিগমৰ বিষয়া–কর্মচাৰীৰ
নিয়মীয়া বাৰ্তা ২০ ফেব্ৰুৱাৰীঃগুৱাহাটী পৌৰ নিগমত ব্যৱসায়িক অনুজ্ঞাপত্র প্রদানৰ নামত একাংশ বিষয়া–কর্মচাৰীয়ে ছিণ্ডিকেট চলাই অহাৰ অভিযোগ উত্থাপিত হৈছে৷ অভিযোগ অনুসৰি নীতি–নিয়ম উলংঘাৰে ব্যৱসায়িক অনুজ্ঞাপত্র প্রদানৰ নামত পৌৰ নিগমৰ একাংশ বিষয়া–কর্মচাৰীয়ে ব্যৱসায়ীৰ পৰা লাখ লাখ টকা সংগ্রহ কৰি আহিছে৷ গুৱাহাটী মহানগৰীত যিকোনো ধৰণৰ ব্যৱসায় কৰাৰ বাবে পৌৰ নিগমৰ পৰা অনুজ্ঞাপত্র লোৱাটো বাধ্যতামূলক৷ ব্যৱসায়িক অনুজ্ঞাপত্র লাভৰ বাবে ব্যৱসায়ীসকলে যান–বাহন আৰক্ষী, অগ্ণিনির্বাপক বাহিনী, প্রদূষণ নিয়ন্ত্রণ ব’ড, পৌৰ নিগমৰ স্বাস্থ্য বিভাগ, ভাৰা ঘৰৰ মালিকৰ পৰা আপত্তিবিহীন প্রমাণ–পত্রকে ধৰি বহু নথি–পত্র পৌৰ নিগমক দাখিল কৰিব লাগে৷ কিন্তু পৌৰ নিগমৰ একাংশ বিষয়া–কর্মচাৰীয়ে মোটা অংকৰ ধনৰ বিনিময়ত নথি–পত্র জমা নোলোৱাকৈ ব্যৱসায়িক অনুজ্ঞাপত্র প্রদান কৰি আহিছে৷ শেহতীয়াকৈ ফাঁচীবজাৰৰ ১৬খন ব্যৱসায়িক প্রতিষ্ঠানে নথি–পত্র জমা নকৰাকৈ পৌৰ নিগমৰ পৰা ব্যৱসায়িক অনুজ্ঞাপত্র উলিওৱা বুলি পৌৰ নিগম কর্তৃপক্ষক অভিযোগ দাখিল কৰিছে শ্রীশ্রী সীতাৰাম ঠাকুৰবাৰীৰ মহন্ত ৰাজেন্দ্র দাসে৷ গুৱাহাটী পৌৰ নিগমৰ দক্ষিণ মণ্ডলৰ ডি চিক ফাঁচীবজাৰৰ ব্যৱসায়ী উমাশংকৰ আগৰৱাল, উমাকান্ত পাটোৱা, নন্দকিশোৰ জালান, ৰামেশ্বৰ প্রসাদ গুপ্তা, কমলা দেৱী জৈন, মহেন্দ্র প্রসাদ গৌড়, ঘনশ্যাম সিং, জয়প্রকাশ পাণ্ডে, তাৰেশ্বৰ সিং, ৰাধে চৌবে, কৃষ্ণা গোস্বামী, মেছার্ছ কামৰূপ পেপাৰ বাইণ্ডিং, ড০ কে পি গুপ্তাৰ ডক্টৰ চেম্বাৰৰ অনুজ্ঞাপত্র বাতিল কৰিবলৈ পৌৰ নিগম কর্তৃপক্ষক অভিযোগ দাখিল কৰিছে শ্রীশ্রী সীতাৰাম ঠাকুৰবাৰীৰ মহন্ত ৰাজেন্দ্র দাসে৷ সীতাৰাম ঠাকুৰবাৰীৰ পৰিচালনা সমিতিৰ পৰা আপত্তিবিহীন প্রমাণ–পত্র নোলোৱাকৈ কেনেদৰে ব্যৱসায়িক অনুজ্ঞাপত্র পৌৰ নিগমৰ পৰা লাভ কৰিলে বুলিও তেওঁ প্রশ্ণ উত্থাপন কৰে৷ নীতি বহির্ভূতভাৱে পৌৰ নিগম কর্তৃপক্ষই এই ব্যৱসায়ীসকলক অনুজ্ঞাপত্র প্রদান কৰা বুলি তেওঁ অভিযোগ উত্থাপন কৰে৷ ইয়াৰ উপৰি ফাঁচী বজাৰৰ ৰামকৃষ্ণ হালোৱাইৰ নামত থকা মেছার্ছ সালাসাৰ মিষ্টান্ন ভাণ্ডাৰ, শিৱাজী প্রসাদ গুপ্তাৰ নামত থকা মেছার্ছ লালা হোটেল, মুৰাৰীলাল শর্মাৰ নামত থকা মেছার্ছ সীতাৰাম ভোজনালয়, মদনলাল শর্মাৰ নামত থকা মেছার্ছ কৃষ্ণা ভোজনালয়ৰ অনুজ্ঞাপত্রও নীতিবহির্ভূতভাৱে উলিওৱা বুলি ৰাজেন্দ্র দাসে অভিযোগ কৰিছে৷ যোৱা ১ ফেব্রুৱাৰীত পৌৰ নিগম কর্তৃপক্ষক ৰাজেন্দ্র দাসে এই ব্যৱসায়িক প্রতিষ্ঠানসমূহৰ অনুজ্ঞাপত্র অবৈধভাৱে উলিওৱা বুলি অভিযোগ দাখিল কৰি অনুজ্ঞাপত্র বাতিলৰ বাবে পত্র প্রেৰণ কৰে৷ উল্লেখ্য যে ৰাজেন্দ্র দাসৰ অভিযোগ এক উদাহৰণহে৷ নীতিবহির্ভূতভাৱে পৌৰ নিগমৰ পৰা ব্যৱসায়িক অনুজ্ঞাপত্র উলিওৱা এনে বহু ব্যৱসায়িক প্রতিষ্ঠানেৰে ভৰি আছে গুৱাহাটী মহানগৰী৷ ব্যৱসায়িক অনুজ্ঞাপত্র প্রদানৰ নামত ছিণ্ডিকেট চলাই থকা পৌৰ নিগমৰ বিষয়া–কর্মচাৰী আৰু ব্যৱসায়িক প্রতিষ্ঠানৰ বিৰুদ্ধে পৌৰ নিগম কর্তৃপক্ষই কি ব্যৱস্থা গ্রহণ কৰে লক্ষণীয় হ’ব৷