জিএমচিয়ে পৰিষ্কাৰ কৰিলে গান্ধীমণ্ডপ পথ
নিয়মীয়া বাৰ্তা, ২২ জুলাইঃ চলিত মহাত যথেষ্ট পৰিমাণৰ বৰষুণ হোৱাত দক্ষিণ শৰণীয়াৰ গান্ধীমণ্ডপত কেইবাটাও ভূমিস্খলনৰ ঘটনা সংঘটিত হয়৷ বিশেষকৈ গান্ধীমণ্ডপ পাহাৰৰ কেইবাস্থানত মাটি–শিল খহি পৰাৰ বাবেই নলা–নর্দমাৰ লগতে মূল পথছোৱা বন্ধ হৈ পৰে৷ যাৰ ফলত গাডী–মটৰৰ অহা–যোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব লগা হয়৷ স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত এই সন্দর্ভত বাতৰি প্রকাশ কৰা হৈছিল৷ বাতৰি প্রকাশ পোৱাৰ পিছত গুৱাহাটী পৌৰ নিগমে আজি এক্সকেভেটৰ ব্যৱহাৰ কৰি পথত পৰি থকা শিল, মাটি উঠাই পৰিষ্কাৰ কৰে৷
এইক্ষেত্রত পৌৰ নিগমৰ কেইবাগৰাকী অভিযন্তাৰ উপস্থিতিত আৱর্জনাৰে ভৰি থকা পথছোৱাৰ পৰা জাৱৰ –জেজাথৰ আঁতৰাই নিয়া হয়৷ ইয়াৰ স্থানীয় ৰাইজে তাৎক্ষণিকভাৱে পথছোৱা পৰিষ্কাৰ কৰাৰ বাবে গুৱাহাটী পৌৰ নিগমক ধন্যবাদ জ্ঞাপন কৰে৷ ইপিনে একাংশ ৰাইজে পথছোৱাত য’তে–ত’তে পেলনীয়া বস্তু পেলাই আৱর্জনাৰে ভৰাই পেলায়৷ ইয়াক লৈ গুৱাহাটী পৌৰ নিগমৰ বিষয়াসকলে স্থানীয় বাসিন্দাসকলক আগন্তুক দিনত এনেকৈ ৰাজপথত আৱর্জনা নেপেলাবলৈ আহ্বান জনায়৷ অন্যথা আগন্তুক দিনত পৌৰ নিগমৰ তৰফৰ পৰা বিহিত ব্যৱস্থা গ্রহণ কৰিব বুলি সকীয়াই দিয়ে৷