নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰী নির্দেশনা উলংঘা: তিনি সপ্তাহত গুৱাহাটীত ১৭৮জনক গ্রেপ্তাৰ মহানগৰ আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ২২ জুলাইঃ গুৱাহাটী মহানগৰীত যোৱা সোমবাৰৰ পৰা লকডাউন কিছু পৰিমাণে শিথিল কৰিছে যদিও ইয়াৰ সুযোগ গ্রহণ কৰি একাংশ লোকে চৰকাৰৰ কেতবোৰ নীতি–নির্দেশনা উলংঘা কৰি আহিছে৷ মহানগৰ আৰক্ষীয়েও চৰকাৰে বলৱৎ কৰা নীতি–নিদের্শনা উলংঘা কৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰিছে৷

অসম আৰক্ষীৰ পৰা লাভ কৰা তথ্য মতে, আজিৰ দিনটোত আৰক্ষীয়ে মহানগৰীৰ বিভিন্ন প্রান্তত তালাচী চলাই মুঠ ৭৫খন বাহন জব্দ কৰে৷ ইয়াৰ ভিতৰত ৫৫খন দুচকীয়া বাহন, ৮খন তিনিচকীয়া বাহন, ১১খন চাৰিচকীয়া বাহন আৰু এখন ছচকীয়া বাহন জব্দ কৰে৷ আনহাতে চৰকাৰী নীতি–নির্দেশনা উলংঘা কৰি যান–বাহন চলোৱা লোকক জৰিমনা বিহি আৰক্ষীয়ে কালিৰ দিনটোত ৬৩,০০০ টকা সংগ্রহ কৰে৷ অসম আৰক্ষীৰ পৰা লাভ কৰা তথ্য মতে, যোৱা ৩০ জুনৰ পৰা আজিলৈকে মুঠ ৩,১৩১খন বাহন জব্দ কৰে৷

ইয়াৰ ভিতৰত ২,৫২৩খন দুচকীয়া বাহন, ৭৯খন তিনিচকীয়া বাহন, ৫১৮খন চাৰিচকীয়া বাহন আৰু ১১খন ছচকীয়া বাহন জব্দ কৰে৷ সেইদৰে যোৱা ৩০ জুনৰ পৰা আজিৰ তাৰিখলৈকে লকডাউন উলংঘা কৰাৰ অভিযোগত মহানগৰীত ১৭৮জন লোকক গ্রেপ্তাৰ কৰে৷ লকডাউন উলংঘা কৰা ঘটনা সংক্রান্তত মহানগৰ আৰক্ষীয়ে ৫৭টা গোচৰ ৰুজু কৰে৷ লগতে এই সময়ছোৱাত মাস্ক পৰিধান নকৰাৰ অপৰাধত জৰিমনা বিহি মুঠ ২.২৫ লাখ টকা সংগ্রহ কৰে৷

You might also like