নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জিলা প্রশাসন, বিভিন্ন বিভাগৰ বিষয়াৰে মন্ত্রী সিদ্ধার্থ ভট্টাচার্যৰ বৈঠক

নিয়মীয়া বাৰ্তা, ১৯ মে’: গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রী সিদ্ধার্থ ভট্টাচার্যই আজি কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুকে ধৰি জিলা প্রশাসনৰ শীর্ষ বিষয়াসকল আৰু জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলৰ সৈতে জিলা উপায়ুক্তৰ কার্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক সভাত মিলিত হৈ ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ বাবে গ্রহণ কৰা ৱস্থাৱলীৰ সৈতে জডিত বিভিন্ন বিষয়ৰ আলোচনা কৰাৰ লগতে বিভিন্ন বিভাগৰ উন্নয়নমূলক আঁচনিসমূহৰ সম্পর্কতো এক পর্যালোচনা কৰে৷

সভাত মন্ত্রী ভট্টাচার্যই কয় যে ক’ৰোনা ভাইৰাছৰ প্রতিৰোধৰ বাবে প্রয়োজনীয় ৱস্থাৱলী গ্রহণ কৰাৰ লগতে উন্নয়নমূলক আঁচনি তথা প্রকল্পসমূহৰ ৰূপায়ণৰ কাম–কাজসমূহো আগবঢ়াই লৈ যাব লাগিব৷ মন্ত্রীগৰাকীয়ে জিলাখনৰ সকলো বিভাগকে উন্নয়নমূলক আঁচনিসমূহৰ কাম–কাজসমূহ আগন্তুক সময়ত কেনেদৰে ৰূপায়ণ কৰ্বি তাৰ বাবে শীঘ্রে এক পথ নির্দেশনা তথা ৰোড মেপ প্রস্তুত কৰ্বিলৈ নির্দেশ দিয়ে৷ তেওঁ কয় যে প্রতিটো বিভাগে নিজৰ নিজৰ উন্নয়নমূলক আঁচনি তথা প্রকল্পসমূহৰ ৰূপায়ণৰ কাম তমান পৰিস্থিতিত কেনেদৰে আগুৱাই নিব তাৰ বাবে অহা তিনি মাহৰ বাবে এক ৰোড মেপ প্রস্তুত কৰি জিলা উপায়ুক্তৰ ওচৰত দাখিল কৰি পর্যায়ক্রমে সংশ্লিষ্ট আঁচনিসমূহৰ ৰূপায়ণৰ কাম নির্ধাৰিত সময়ৰ ভিতৰত সম্পূর্ণ কৰি তোলাৰ বাবে ৱস্থা গ্রহণ কৰ্বি লাগে৷ সভাত জিলা উপায়ুক্ত পেগুৱে ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ বাবে জিলা প্রশাসনে গ্রহণ কৰা ৱস্থাৱলীৰ বিষয়ৰ লগতে লকডাউন ব্যাহত থকা অৱস্থাত শ্রমিক, মজদুৰ, দুখীয়া ৰাইজলৈ প্রশাসনে আগ্বঢ়োৱা সাহায্যৰ বিষয়েও মন্ত্রীগৰাকীক অৱগত কৰায়৷ মন্ত্রী ভট্টাচার্যই সভাত স্বাস্থ্য, গুৱাহাটী পৌৰ নিগম, গডকাপ্ঢানী, জনস্বাস্থ্য আৰু কাৰিকৰী, সমাজ কল্যাণ, খাদ্য আৰু অসামৰিক যোগান, কৃষি, পৰ্বিহণ, শিক্ষা, পশুপালন, দুগ্ধ উন্নয়ন, মীন, হস্ততাঁত আৰু স্ত্রশিল্প, ৰেচম, উদ্যোগ আৰু বাণিজ্য, জলসম্পদ, শ্রম আৰু নিয়োগ, এ পি ডি চি এল, ক্রীডা আদি িবভিন্ন িবভাগৰ উন্নয়নমূলক আঁচনিসমূহৰ িবষয়েও পর্যালোচনা কৰে৷ ক’ৰোনা ভাইৰাছ তথা ক’ভিড–১৯ প্রতিৰোধৰ ােব গ্রহণ কৰ্বিলগীয়া ৱস্থাৱলী তথা চৰকাৰ আৰু স্বাস্থ্য িবভাগৰ নীতি–নির্দেশনাসমূহ মানি িবভাগসমূহে উন্নয়নমূলক আঁচনিসমূহৰ কাম–কাজৰ গতি ত্বৰান্বিত কৰ্বি লাগে লি মন্ত্রীগৰাকীয়ে কয়৷ তেওঁ কয় যে ক’ভিড–১৯ প্রতিৰোধৰ বাবে যুঁজ চলাই যোৱাৰ লগতে উন্নয়নমূলক কাম–কাজসমূহো পর্যায়ক্রমে আগ্বঢ়াই লৈ যাব লাগ্বি৷ সভাত কামৰূপ মহানগৰ জিলাৰ জিলা উন্নয়ন আয়ুক্ত অতুল কুমাৰ শর্মা, গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱজ্যোতি হাজৰিকা আৰু যুটীয়া আয়ুক্ত পুলক মহন্ত, কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত চিন্ময় নাথ আৰু শর্মিষ্ঠা ৰা, স্বাস্থ্য িবভাগৰ যুটীয়া সঞ্চালক ড০ গণেশ শইকীয়াকে ধৰি বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলে অংশগ্রহণ কৰে৷

You might also like