জুবিন গার্গে মুকলি কৰিলে এন কে হোটেল
নিয়মীয়া বাৰ্তা ২৭ ফেব্ৰুৱাৰীঃ বুধবাৰে মহানগৰীৰ কাহিলিপাৰাৰ জটিয়াত অয় টাউনহাউছৰ সহযোগত বিলাসী হোটেল এন কে হোটেল মুকলি কৰে জনপ্রিয় শিল্পী জুবিন গার্গে৷ এন কে প্রডাকচনৰ উত্তৰসূৰী নিত্য বৰকটকীৰ মালিকানাধীন হোটেলখনৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে অসমৰ বহুকেইগৰাকী স্বনামধন্য শিল্পীৰ লগতে জ্যোতি চিত্রবনৰ অধ্যক্ষ পৱিত্র মার্ঘেৰিটা৷ হোটেলখন উদ্বোধন কৰি পৱিত্র মার্ঘেৰিটাসহ জুবিন গার্গে নিত্য বৰকটকীৰ এনে কর্ম আন্দোলনক প্রশংসা কৰাৰ লগতে উত্তৰোত্তৰ উন্নতি কামনা কৰে৷ আনহাতে, বিজেপিৰ নেতা তথা জ্যোতি চিত্রবনৰ অধ্যক্ষ পৱিত্র মার্ঘেৰিটাৰ সন্মুখতে নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’ সন্দর্ভত সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত জনপ্রিয় শিল্পীগৰাকীয়ে কয় যে সম্প্রতি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূডান্ত পৰীক্ষা চলি থকাৰ কাৰণে আন্দোলন কিছু স্তিমিত হ’লেও অসমত প্রধানমন্ত্রী মোদী এণ্ড টীমে জাপি দিব বিচৰা এই আইন কোনো কাৰণতে মানি লোৱা নহ’ব৷ ইপিনে, জুবিন গার্গে ‘কা’ নামানো বুলি কোৱাৰ বিপৰীতে পৱিত্র মার্ঘেৰিটাই ‘কা’ সম্পূর্ণৰূপে সমর্থন কৰোঁ বুলি মন্তব্য কৰে৷