নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ট্রেন্সফর্মাৰত বিদ্যুৎস্পৃষ্ট হৈ স্বাস্থ্য বিভাগৰ কর্মচাৰীৰ মৃত্যু

নিয়মীয়া বাৰ্তা ২৬ ফেব্ৰুৱাৰীঃ খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ চৌহদত বৈদ্যুতিক ট্রেন্সফর্মাৰত লাগি থকা অৱস্থাত মঙলবাৰে পুৱা এজন লোকৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ সমগ্র অঞ্চলত তীব্র চাঞ্চল্যৰ সৃষ্টি হয়৷ মৃত লোকজন পাঞ্জাবাৰীৰ নৱজ্যোতি নগৰৰ বাসিন্দা তথা অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ চতুর্থ বর্গৰ কর্মচাৰী কমলা ৰাভা (৫০) বুলি চিনাক্ত কৰা হৈছে৷ আৰক্ষী সূত্রে জানিব পৰা মতে মঙলবাৰে পুৱা প্রায় ৮.৩০ বজাত শক্তি বিভাগৰ কর্মচাৰীয়ে পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ চৌহদত থকা বৈদ্যুতিক ট্রেন্সফর্মাৰৰ কাম কৰিবলৈ গৈ মৃতদেহটো প্রত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াৰ লগতে মহাবিদ্যালয়ৰ ছাত্র–ছাত্রীক অৱগত কৰে৷ পাছত ঘটনাস্থলীত দিছপুৰ আৰক্ষীৰ এটা দল উপস্থিত হৈ শক্তি বিভাগৰ কর্মচাৰীৰ সহযোগত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (জিএমচিএইচ)লৈ প্রেৰণ কৰে৷ এই ঘটনাক কেন্দ্র কৰি আজি পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় চৌহদত তীব্র চাঞ্চল্যৰ সৃষ্টি হয়৷ উল্লেখ্য যে স্বাস্থ্য বিভাগত কর্মৰত লোকজনে নিতৌ পুৱা প্রাতঃভ্রমণ কৰিবলৈ পাঞ্জাবাৰীৰ পৰা খানাপাৰালৈ গৈছিল৷ কিন্তু যোৱা ২৩ ফেব্রুৱাৰীৰ পুৱা প্রাতঃভ্রমণৰ বাবে ঘৰৰ পৰা ওলাই যোৱা লোকজন ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে তেওঁলোকৰ আত্মীয়ৰ ঘৰত খবৰ কৰে যদিও তেওঁৰ সন্ধান পোৱা নাছিল৷ মঙলবাৰে পুৱা ৰহস্যজনকভাৱে বিদ্যুতৰ ট্রেন্সফর্মাৰত লাগি থকা অৱস্থাত লোকজনৰ মৃতদেহ উদ্ধাৰ হয়৷ আৰক্ষীয়ে ঘটনা সন্দর্ভত দিছপুৰ থানাত আকস্মিক মৃত্যুজনিত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷

You might also like